Retired Army Killed In Wild Elephant Attack : গোৱালপাৰাত বন্যহস্তীৰ উপদ্ৰৱ

গোৱালপাৰা, ১৮ নৱেম্বৰ : এক শোকাৱহ দুৰ্ঘটনা । বন্যহস্তীৰ আক্ৰমণত মৃত্য়ু প্ৰাক্তন সৈনিকৰ ।
ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Goalpara)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে(Retired Army Killed In Wild Elephant Attack) ।
খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Retired Army Killed In Wild Elephant Attack In Goalpara) ।
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।
এইবাৰ গোৱালপাৰাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজন প্ৰাক্তন সৈনিকৰ ৷
ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে কাহিলী পুৱা প্ৰায় ৫মান বজাত খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে অঞ্চলজুৰি চলাই ৷ বন্যহস্তীৰ উপদ্ৰৱৰ ফলত পুণৰ জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত দহিকতা পোহলানপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত হয় এজন প্ৰাক্তন সৈনিকৰ ৷বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা প্ৰাক্তন সৈনিক জন দহিকতা পোহলানপাৰাৰ নৰেশ্বৰ ৰাভা (60) বুলি চিনাক্ত কৰিছে ৷
জানিব পৰা মতে, শনিবাৰে পুৱা প্ৰায় ৫ মান বজাত নৰেশ্বৰ ৰাভাই ঘৰৰ পৰা চাইকেল এখন লৈ ৰবৰ আঠা কাটিবলৈ বাগানত গৈ আছিল ৷ তেনে সময়তে বন্যহস্তীয়ে আক্ৰমণ কৰে নৰেশ্বৰ ৰাভাক ৷ আক্ৰমণত নিহত হয় সৈনিকজ ।
এই ঘটনাই এতিয়াই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক :Man Elephant Conflict : জামুগুৰিহাটত বন্যহস্তীৰ উপদ্ৰৱ ,দিনে নিশাই হাতীৰ জাকে তহিলং কৰিছে খেতিপথাৰ