Local, Vocal, Global

আই.পি.এলৰ প্রশিক্ষক হ’ব শাস্ত্রী

আই.পি.এলৰ প্রশিক্ষকৰ ৰূপত দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে টীম ইণ্ডিয়াৰ বিদায়ী প্রশিক্ষক ৰবি শাস্ত্রীক ৷ আই.চি.চি টি–২০ বিশ্বকাপৰ পিছতে ভাৰতীয় দলৰ প্রশিক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ল’বলৈ সাজু হোৱাৰ সময়তে শাস্ত্রীক আই পি এলৰ নতুন দল আহমেদাবাদে প্রশিক্ষকৰ প্রস্তাৱ আগবঢ়াইছে ৷ শাস্ত্রীৰ সৈতে ভাৰতীয় দলৰ ক’চিং ষ্টাফত থকা ভৰত অৰুণ আৰু আৰ শ্রীধৰকো আহমেদাবাদ দলটোৱে বলিং প্রশিক্ষক আৰু ফিল্ডিং প্রশিক্ষকৰ প্রস্তাৱ আগবঢ়োৱা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে শাস্ত্রীৰ লগতে ভৰত অৰুণ আৰু আৰ শ্রীধৰৰো চুক্তিৰ ম্যাদ টি–২০ বিশ্বকাপৰ পিছতে অন্ত পৰিব ৷ বি.চি.চি আয়ে ইতিমধ্যে শাস্ত্রীৰ স্থানত ভাৰতৰ একালৰ মহান বেটছমেন ৰাহুল দ্রাবিড়ক টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে ৷ ইফালে ৰবি শাস্ত্রীয়ে টি–২০ বিশ্বকাপৰ সামৰণিৰ পিছতহে আই পি এলত প্রশিক্ষণৰ দায়িত্ব গ্রহণৰ বিষয়টো চিন্তা–চর্চা কৰিব বুলি জানিব পৰা গৈছে ৷ মন কৰিবলগীয়া যে বি চি চি আয়ে শেহতীয়াকৈ আই পি এলত দুটাকৈ নতুন দলৰ নাম ঘোষণা কৰিছে ৷ সঞ্জীৱ গোৱেংকা মালিকানাধীন আৰ পি এছ জি গ্রুপে ৭০৯০ কোটিৰ বিনিময়ত লক্ষ্ণৌ আৰু চি ভি চি কেপিটেল গ্রুপে ৫৬২৫ কোটিৰ বিনিময়ত আহমেদাবাদ দলৰ স্বত্ব লাভ কৰিবলৈ সক্ষম হৈছে ৷