Local, Vocal, Global

তিনি সন্তানৰ মাতৃক উপৰ্যুপৰি ধৰ্ষণ কৰিলে এজন পাষণ্ড

চাপৰৰ শালকোছাত জঘন্য ধৰ্ষন কাণ্ড। তিনি সন্তানৰ মাতৃক উপৰ্যুপৰি কৰিলে ধৰ্ষণ এজন পাষণ্ডয়।

ঘৰৰ দুৱাৰ ভাঙি তিনি সন্তানৰ মাতৃক কৰিলে বলপূর্বক ধৰ্ষণ। ৰাইজমেলৰ সিদ্ধান্ত মৰ্মে দায়িত্ব লোৱা জনেও পাষণ্ড মাইনুলৰ হতুৱাই কৰালে ধাৰাবাহিক ধৰ্ষণ। উপায়ন্তৰ হৈ ভুক্তভোগীয়ে দাখিল কৰিলে শালকোছা আৰক্ষী চকীত গোচৰ, কাষ চাপিলে সাংবাদিকৰ। এই জঘন্য আৰু বৰ্বৰ কাণ্ড চাপৰৰ শালকোছাৰ।

জীৱ শ্ৰেষ্ট এই মানৱ জাতিটোৰ বাৱে আজিও যেন পন্য সামগ্ৰীৰ দৰে গন্য কৰে এইখন সমাজৰে একাংশ দানৱে। দানৱ ৰূপী এই মানৱৰ কিছু কৰ্ম কাণ্ডয় কিমান যে নাৰীয়ে জীৱনত লাঞ্চনা ভোগ কৰিব লগীয়া হৈছে সেয়া সকলোৰে দৃষ্টিগোচৰ হৈছে। তেনে একাংশ দানৱ ৰূপী মানৱে এইবাৰ সংঘটিত কৰিলে এক জঘন্য আৰু বৰ্বৰ কাণ্ড।

ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত হাৰকাটা মুছলিম পাৰাত যোৱা ১১/৫/ ২০২১ ইং তাৰিখে নিশা ঘৰত স্বামী নথকাৰ পুৰ্ণ সুয়োগ গ্ৰহন কৰি একেখন গাঁওৰে মাইনুল হক নামৰ লম্পটে এজনে তিনি সন্তানৰ মাতৃক মুখত সোপা দি উপৰ্যুপৰি ধৰ্ষন কৰে। ঘৰৰ দুৱাৰ ভাঙি (নাম প্ৰকাশত অনিচ্ছুক) (মুৰ্শীদা খাতুন) নামৰ মহিলা জনীক বল পুৰ্বক ভাৱে উপৰ্যুপৰি ধৰ্ষণ কৰা অৱস্থাত মহিলা জনীৰ মৰণ কাতৰ চিঞৰ-বাখৰ শুনি প্ৰতিবেশীয়ে লম্পট মাইনুল হকক হাতে লোটে ধৰিবলৈ সক্ষম হয়।

পিছদিনা অৰ্থাৎ ১২/৫/২০২১ তাৰিখত উক্ত ঘটনা সন্দৰ্ভত গাঁওখনত এখন ৰাইজমেল বহে আৰু লম্পট জনে নিজৰ দোষ স্বীকাৰ কৰি মহিলাজনীক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু ইছলামীক নীতি নিয়মৰ মতে পুৰ্বৰ স্বামীক ডিভোৰ্চ দিয়াৰ তিনি মাহ দহ দিন পিছতহে আন জনৰ লগত বিবাহ হোৱাৰ নিয়ম মানিব লগা হোৱাত ৰাইজে বাধ্য হৈ অসহায় মহিলা জনীক উক্ত সময় লৈকে দায়িত্বত লৈ গাঁওখনৰে অৱসৰ প্ৰাপ্ত শিক্ষক আবু বক্কাৰ ছিদ্দিকৰ দায়িত্বত ৰাখে  ।

উল্লেখ্য যে লম্পট মাইনুল হকে অৱসৰ প্ৰাপ্ত শিক্ষক জনক মেনেজ কৰি প্ৰতি নিশাই মহিলাজনীক ধাৰাবাহিক ভাবে ধৰ্ষণ কৰি অহা বুলিও ভুক্তভোগীৰ গুৰুতৰ অভুয়োগ উত্থাপন কৰে সাংৱাদিকৰ কেমেৰাৰ সন্মুখত। ইপিনে ৰাইজমেলৰ নিৰ্ধাৰিত সময় উকলি যোৱাৰ লগে-লগে শিক্ষক জনে মহিলা জনীক জোৰজৰ্বস্থি ভাবে ঘৰৰ পৰা উলিয়াই দিয়াত সমাজৰ মুৰব্বীৰ কাষ চাপে যদিও মহিলা জনীক কোনো গুৰুত্ব নিদিয়াত যোৱা মঙ্গলবাৰে  শালকোচা আৰক্ষী চকীত এখন গোচৰ দাখিল কৰা বুলি সাংবাদিকক জানিবলৈ দিয়ে।

মহিলাজনীৰ আৰক্ষী প্ৰশাসনৰ ওচৰত দাৱি মাইনুল হকৰ লগতে শিক্ষকৰূপী এই দুই দানৱ অনতি সোনকালে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিব লাগে। প্ৰশ্ন হয় যি সময়ত শিক্ষকে সমাজৰ প্ৰধান অঙ্গ বুলি গন্য কৰা হয় ঠিক তেনে সময়তে শিক্ষক ৰূপী এনে দানৱক লগতে মহিলাক পন্য সামগ্ৰীৰ দৰে জ্ঞান কৰা এইচাম দানৱৰ ওপৰত শালকোচা আৰক্ষীয়ে কি ব্যৱস্থা হাতত লয় সেয়া হল লক্ষণীয়। আমি পৰৰ্বতি সময়ত এই শিক্ষক ৰূপী দানৱটোৰ নাম আৰু ফটো সহ লগতে লম্পট মাইনুল হকৰ কলংকৰ ভয়াবহ তথ্য সবিস্থাৰে প্ৰকাশ কৰিম।