ধৰ্ষণক লৈ এখন দেশ বা ৰাজ্য বা চৰকাৰ আৰু প্ৰশাসনৰ দায়িত্ব কিমান ?

ধৰ্ষণক লৈ এখন দেশ বা ৰাজ্য বা এখন চৰকাৰ আৰু প্ৰশাসনৰ দায়িত্ব কিমান ? যিখন দেশত এহাতেদি কৰা হয় নাৰীক পূজা সেইখন দেশতেই সকলোতকৈ বেছি সংঘটিত হয় ধৰ্ষণকাণ্ডধৰ্ষণৰ বিৰুদ্ধে প্ৰশাসন কঠোৰ হোৱা স্বত্বেও কেনেদৰে দৈনিক সংঘটিত হৈ আছে এটাৰ পাছত এটাকৈ ধৰ্ষণ কাণ্ড ? কেনেদৰে সাৰি যায় অপৰাধী ? কোনোবা বিশেষ শক্তিয়ে সুৰক্ষা প্ৰদান কৰে নেকি অপৰাধীক ?
ক্ৰমান্বয়ে যেন এক অতি স্বাভাৱিক ঘটনালৈ পৰিণত হৈছে ধৰ্ষণকাণ্ড। মানুহবোৰ যেন পুনৰ আদিম সমাজলৈ আগুৱাই গৈছে । এটাৰ পাছত এটাকৈ ধৰ্ষণ কাণ্ড । আপুনি জানি আচৰিত হ’ব যে আমাৰ দেশত প্ৰতি ১৫ মিনিটত এগৰাকীকৈ নাৰী ধৰ্ষিতা হয় । সেইয়া লাগিলে ৪ মহীয়া নবজাতক কন্যা সন্তানেই হওঁক বা বয়োজ্যেষ্ঠ মহিলাই হওঁক । উল্লেখযোগ্য যে ২০১৯ চনত মুঠ ৩২০৩৩ টা ধৰ্ষণৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছে। প্ৰতিদিনেই ধৰ্ষিতা হয় ৮৮ গৰাকীকৈ নাৰী । সম্প্ৰতি ধৰ্ষণৰ শাস্তি ন্যূনতম ৭ বছৰৰ কাৰাদণ্ড । সৰ্বাধিক যাৱজ্জীৱন কাৰাদণ্ড আৰু জৰিমনা।
ধৰ্ষণ সমাজৰ পৰা নিৰ্মূল কৰিবলৈ বা আঁতৰাবলৈ বহু কেইখন কঠোৰ আইন ৰূপায়ন কৰা হৈছে । কিন্তু প্ৰকৃত অৰ্থত কাৰ্যকৰী হৈছে নে আইন কেইখন ? বা এই আইন কেইখনৰ দ্বাৰা প্ৰকৃত অৰ্থত প্ৰতিৰোধ কৰিব পৰা গৈছে নে ধৰ্ষণৰ দৰে ঘটনা । ধৰ্ষণ প্ৰতিৰোধ কৰা বাদেই দৈনিক বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে ধৰ্ষণৰ দৰে ব্যাধি ।
শেহতীয়াকৈ পুনৰ এনে এক নিৰ্লজ ঘটনাই সংঘটিত হৈছে ৰাজ্যত। গোৰেশ্বৰৰ নাওকাটাৰ কলবাৰীত ২০ বছৰীয়া যুৱকে ধৰ্ষণ কৰিলে ১৩ বছৰীয়া এগৰাকী নাবালিকাক। ইতিমধ্যে আটক কৰিছে যুৱকজনক আৰক্ষীয়ে ।
অতি দুখৰ কথা যে চৰকাৰ তথা প্ৰশাসনে যিমানেই নকওঁক কিয় প্ৰকৃত অৰ্থত কিন্তু ধৰ্ষণৰ বাবে কঠোৰ শাস্তিৰ বিধি বৰ্তমানেও নাই । ইয়াতকৈও পৰিতাপৰ বিষয় যে ধৰ্ষণ কৰাৰ সম্পূৰ্ণ প্ৰমাণ থকাৰ পাছতো কিন্তু ধৰ্ষণকাৰীৰ হৈ উকালতি কৰিবলৈ আমাৰ দেশত বা ৰাজ্যত অভাৱ নাই অধিবক্তাৰ ।
উল্লেখযোগ্য যে আমাৰ দেশত এটা ধৰ্ষণ কাণ্ডৰ পঞ্জীয়ন নহওঁতেই পুনৰ সংঘটিত হয় অন্য এটা ধৰ্ষণ কাণ্ড। লাজৰ বিষয় যে কিছুমান পূৰ্বে অসম আছিল ধৰ্ষণৰ ক্ষেত্ৰত দ্বিতীয় স্থানত । আনহাতে ২০১৬ চনৰ এক তথ্য অনুসৰি অসমত মুঠ ৩০০৯ টা ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল। আৰু ইয়াৰে দোষী হিচাপে চিনাক্ত হৈছিল মাত্ৰ ৭৪ টা অপৰাধী ।
এতিয়া প্ৰশ্ন হয় সঁচাকৈয়ে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ নহয় নেকি প্ৰশাসন ? কাৰণ অপ্ৰিয় হ’লেও এয়াই সত্য যে বেছিভাগ অপৰাধীয়ে অপৰাধ কৰিও সাৰি যায় ৷ বিচাৰ পৰ্য্যায়লৈ যোৱাৰ পাছতো অপৰাধীয়ে কিছুবছৰ কাৰদণ্ড খাটি ওলাই আহে। যাৰ বাবে মুকলি আকাশৰ তললৈ আহি পুনৰ অন্য এক অপৰাধ কৰিবলৈ সুযোগ পায় অপৰাধীয়ে । ধৰ্ষণৰ বিৰুদ্ধে আইন সমূহ প্ৰণয়ন কৰা হৈছে ঠিকেই কিন্তু আইন সমূহ যেনেদৰে কাৰ্যকৰী হ’ব লাগিছিল সেইয়া যেন হোৱা নাই । গুৰুত্বসহকাৰে লব লাগিব চৰকাৰ তথা প্ৰশাসনেও ধৰ্ষণৰ দৰে ব্যাধি । যিহেতু ধৰ্ষণ এক প্ৰকাৰৰ মানসিক ব্যাধি । সেইবাবে সুস্থ সবল এক বাতাবৰনৰো সৃষ্টি কৰিব লাগিব আমাৰ সমাজ ব্যৱস্থা। ইয়াৰ ফলত হয়তো কিছু পৰিমানে হ’লেও হ্ৰাস পাব ধৰ্ষণৰ দৰে ঘটনা ।