ৰঙিয়াত শিক্ষকৰ ৰহস্যজনক আত্মহত্যা

ৰঙিয়াত শিক্ষকৰ ৰহস্যজনক আত্মহত্যা ৰঙিয়াৰ ব্যক্তিগত খণ্ডৰ আগশাৰী বিদ্যালয় ৰঙিয়া চাৰ্চ পাব্লিক স্কুলত সংঘটিত হয় এক ৰহস্যজনক চাঞ্চল্যৰ আত্মহত্যাৰ ঘটনা। নৱ ডেকা নামৰ ৩০ বছৰীয়া কম্পিউটাৰৰ শিক্ষক গৰাকীয়ে বিদ্যালয়ত আত্মহত্যা হত্যা কৰে। এই ঘটনাই সমগ্ৰ ৰঙিয়াতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আজি ৰাতিপুৱা ঘৰৰ পৰা স্কুলত আহি শিক্ষক গৰাকীয়ে আত্মহত্যাৰ দৰে কঠোৰ পথ বাচি লয়। খুব ভদ্ৰ আৰু নম্ৰ স্বভাৱৰ আছিল নৱ ডেকা নামৰ শিক্ষক গৰাকী। তেওঁৰ ঘৰ বাইহাতা চাৰিআলিৰ ওচৰৰ বেজেৰাত বুলি জানিব পৰা গৈছে। স্বৰ্গীয় বিপিন চন্দ্ৰ ডেকা আৰু মাতৃ বিনা ডেকাৰ একমাত্ৰ পুত্ৰ আছিল নৱ ডেকা । তেওঁ কি কাৰণত আত্মহত্যাৰ দৰে স্বৰম পন্থা বাচি ললে সেয়া এই মূহুৰ্তলৈ জানিব পৰা হোৱা নাই।
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।