Local, Vocal, Global

Rangia News :মাজ নিশা ৰঙিয়া থানাত উপস্থিত কণ্ঠশিল্পী নেকিব;কিন্তু কিয় ?

ৰঙিয়া,৩ডিচেম্বৰ :গান এৰি মাজ নিশা ৰঙিয়া থানাত উপস্থিত কণ্ঠশিল্পী নেকিব।কিন্তু কিয় ?

ঘটনা অনুসৰি, ৰঙিয়াত বীৰ লাচিত সেনাই আয়োজন কৰিছিল ‘অসম দিৱস’ৰ সংগীতানুষ্ঠান।নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশনৰ বাবে আমন্ত্ৰণ কৰিছিল তিনিগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ক্ৰমে নেকিব, মৃণাল মৃত্তিক আৰু চায়ানিকা দাসক। কিন্তু মানুহৰ উপস্থিতি সেৰেঙা হোৱাত তাৎক্ষণিক ভাৱে বাতিল কৰা হ’ল নেকিবৰ সংগীতানুষ্ঠান(Rangia News)।

সকলো বাদ্যযন্ত্ৰ সকল নিৰ্ধাৰিত সময়ত উপস্থিত হোৱাৰ পাছতো, শ্ৰোতা দৰ্শক কোনো উপস্থিত নথকাৰ বাবেই বাতিল কৰা হয় সংগীতানুষ্ঠান।সংগীতানুষ্ঠানৰ চুক্তি অনুযায়ী মাননিক লৈ অপ্ৰতীকৰ পৰিস্থিতৰ সৃষ্টি হয় উক্ত স্থানত।লগতে কন্ঠশিল্পী নেকিব আৰু বীৰ লাচিত সেনাৰ নেতাৰ লগত তীব্ৰ বাক বিতৰ্কৰ সূত্ৰপাত হয়।পৰৱৰ্তী সময়ত উপায়ন্তৰ হৈ নিশা ৰঙিয়া আৰক্ষী থানাত উপস্থিত হয় তিনিওগৰাকী কন্ঠশিল্পী।

ইতিমধ্যে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে কণ্ঠশিল্পী কেইগৰাকীয়ে।

লগতে পঢ়ক :Dhing News :ধিঙত দুই বিজেপি নেতাক অপহৰনৰ দুৰ্বৃত্তৰ!