লাভলীনা বৰগোহাঁইলৈ ‘ৰণাংগন সন্মান-২০২২’

নিউজ ডেস্ক, ৫ জুন : অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইলৈ ‘ৰণাংগন সন্মান-২০২২’। অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান ৰণাংগন প্ৰকাশনে চলিত বৰ্ষৰ ৰণাংগন সন্মান প্ৰাপকৰ নাম ঘোষণা কৰিছে ৷ পাঁচজনীয়া বিশেষ নিৰ্বাচক মণ্ডলীৰ সিদ্ধান্ত মৰ্মে এই বৰ্ষৰ ৰণাংগন সন্মান প্ৰদান কৰা হ’ব অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক ৷
২০২০ বৰ্ষৰ পৰা মধ্য অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে অসমৰ সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াই অহা বৰেণ্য ব্যক্তি একোজনক এই বঁটা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
উল্লেখযোগ্য যে ২০২০ চনত প্ৰথিতযশা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত হোমেন বৰগোহাঞিদেৱক আৰু ২০২১ চনত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত বলিষ্ঠ লেখিকা ৰীতা চৌধুৰীক ৰণাংগন সন্মান প্ৰদান কৰিছে ৷
এই ৰণাংগন বঁটাত আছে এটি স্মাৰক, এখন প্ৰশস্তি পত্ৰ, শৰাই, অংগবস্ত্ৰ আৰু ১০ হেজাৰ টকাৰ ধনৰ টোপোলা ৷ উল্লেখ্য যে, ১৩ বছৰ পূৰ্বে অতি সাধাৰণ প্ৰস্তুতিৰে আৰম্ভ কৰা ‘সাপ্তাহিক ৰণাংগন’এ সাপ্তাহিকৰ ৰূপ এৰি সম্প্ৰতি মাহেকীয়া বাৰ্তালোচনীলৈ ৰূপান্তৰিত হয়৷
অতি কঠিন পথেৰে আগবাঢ়ি ‘ৰণাংগন’ এতিয়া আৰ এন আই (RNI) আৰু আই এছ এছ এন(ISSN) ৰো পঞ্জীয়ন লাভ কৰা এখন উন্নতমানৰ মাহেকীয়া বাৰ্তালোচনী৷ সমান্তৰালভাৱে ‘সাপ্তাহিক ৰণাংগন’ কাকতখনো নিয়মীয়াকৈ প্ৰকাশ পাই আছে৷