আজি দিছপুৰ থানাত হাজিৰ হ’ব লাগিব ৰাজকন্যা
হাস্পতাললৈ গৈ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ আৰক্ষীৰ
আজি দিছপুৰ থানাত হাজিৰ হ’ব লাগিব সুৰাত মাতাল হৈ শ্ৰমিকক মহতিয়াই নিয়া মহানগৰীৰ মডেল ৰাজকন্যা বৰুৱা। দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে চমন জাৰি কৰিছে।আৰক্ষীয়ে ঘৰত বিচাৰি গৈছিল | অসুস্থতাৰ বাবে জি এন আৰ চিত ভৰ্তি হৈ আছে ৰাজকন্যা। হাস্পতাললৈ গৈ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে আৰক্ষীয়ে।
উল্লেখযোগ্য যে ১ অক্টোবৰৰ নিশা সুৰাত মাতাল হৈ দ্ৰুতগতিত গাড়ী চলাই নিশা কাম কৰি থকা শ্ৰমিকক খুন্দিয়াই ৰাজকন্যাই ৷ শ্ৰমিকৰ জীৱনলৈ অমানিশা কঢ়িয়াই অনা ৰাজকন্যাই পিছদিনাই লাভ কৰিছিল জামিন ৷ কিন্তু কাৰ ভুলৰ বাবে ৰাজকন্যা বৰুৱাই জামিন লাভ কৰিলে অভিযোগ আৰক্ষীৰ বিৰুদ্ধে।
ৰাজকন্যা বৰুৱাৰ ক্ষেত্ৰত সন্দেহৰ আৱৰ্তলৈ অহা দিশপুৰ আৰক্ষীৰ দুই বিষয়া আভাৰাণী গগৈ, ছাহিৰ আলীক ইতিমধ্যে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো এটা কথা স্পষ্ট কৰি দিছে ৰাজকন্যা বৰুৱাক জামিনৰ সুবিধা কৰি দিয়াৰ ক্ষেত্ৰত কৰ্তব্যত গাফিলতি কৰা মানেই বিপদ ৷ সাৰি যাব নোৱাৰিব ৰাজকন্যাক সহায় কৰা আৰক্ষী ৷