শীঘ্ৰে বৃদ্ধি পাব ৰে’ল ভাড়া!

বিমান যাত্ৰীয়ে বহন কৰিব লগা” ইউ ডি এফ চাৰ্জ” ৰ দৰেই সম্প্ৰতি ৰে’ল বিভাগেও যাত্ৰীৰ পৰা ‘ইউজাৰ চাৰ্জ’ নামৰ এবিধ নতুন মাছুল আদায়ৰ প্ৰস্তাৱ লৈছে। যিবিলাক ৰে’ল ষ্টেচনক নতুন ৰূপ দিয়া হৈছে আৰু য’ত যাত্ৰীৰ সমাগম বেছি ,সেইবিলাক ষ্টেচনৰ পৰা যাত্ৰা কৰা যাত্ৰী সকলৰ পৰা এই চাৰ্জ আদায় কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে।ফলস্বৰূপে বৃদ্ধি পাব ৰে’ল ভাড়া ১০ টকাৰ পৰা ৩৫ টকা পৰ্যন্ত। এক সংবাদমেলত ৰে’ল ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া ভি কে যাদৱে জনোৱা মতে দেশৰ মুঠ ৭০০০ ষ্টেচনৰ ৭০০ ৰ পৰা ১০০০টা ষ্টেচনৰ নতুন ৰূপ দিয়া হৈছে। গতিকে এই ষ্টেচনবোৰৰ পৰা যাত্ৰা কৰা যিকোনো যাত্ৰীৰ ভাড়াৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই’ ইউজাৰ চাৰ্জ’।