ৰাহুল গান্ধী আৰু ২০ হাজাৰ কোটি টকাৰ কেলেংকাৰি! ২০ হাজাৰ কোটিৰ কেলেংকাৰি আৰু ৰাহুল গান্ধীৰ শাস্তি

ডিজিটেল ডেস্ক:-এক মানহানিৰ গোচৰত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক অলপতে চূড়াতৰ সত্ৰ আদালতে দুবছৰৰ সশ্ৰম কাৰদণ্ডৰ শাস্তি দিছে। এই শাস্তি ঘোষণা হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে লোকসভা সচিবালয়ে ৰাজীৱ গান্ধীৰ সাংসদ পদ খাৰিজ কৰি জাৰি কৰে নিৰ্দেশনা। এই নিৰ্দেশনাৰ পিছত সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। খোদ মাৰ্কিন প্ৰশাসনে ভাৰতত গণতন্ত্ৰ বিপদাপন্ন হোৱা বুলি মত প্ৰকাশ কৰিছে। জাৰ্মানীৰ দৰে শক্তিধৰ ৰাষ্ট্ৰয়ো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ শেহতীয়া কাম-কাজক গণতন্ত্ৰবিৰোধী আখ্যা দিছে। অন্য অৰ্থত দেশৰ ৰাজনীতিয়ে বিশ্বৰ ৰাজনীতিতো জোকাৰণি তুলিছে। এই ঘটনাৰাজিৰ নীৰৱ দৰ্শক হৈ আছে ভাৰতৰ কোটি কোটি জনতা। কিন্তু তাৰ মাজতে শেহতীয়াকৈ হঠাত ফাদিল হৈছে ২০ হাজাৰ কোটিটকীয়া কেলেংকাৰিৰ বৃহত তথ্য। আৰু এই ২০ হাজাৰ কোটিটকীয়া কেলেংকাৰিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে গান্ধী পৰিয়ালৰ যুৱৰাজ হিচাপে খ্যাত ৰাহুল গান্ধী। খোদ কংগ্ৰেছ দলৰ ভিতৰতো আৰম্ভ হৈছে চেপা উত্তেজনা। দলৰ নেতা-কৰ্মীসকলে হয়তো ভাবিবলৈ লৈছে যে এই ২০ হাজাৰটকীয়া বৃহত কেলেংকাৰিৰ বাবেই হয়তো কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৰাজনৈতিকভাৱে শাস্তি দিয়া হৈছে। কিন্তু ৰাহুল গান্ধীৰ বিৰুদ্ধে এই শাস্তি পৰ্যাপ্ত হৈছেনে? তাৰ বাবে আমি জানিব লাগিব ২০ হাজাৰ কোটিটকীয়া কেলেংকাৰিৰ প্ৰকৃত তথ্য।
কভিড মহামাৰীৰ পিছত স্বাভাৱিকভাৱে বিধ্বস্ত হৈছিল দেশৰ অৰ্থনীতি। ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰত ৫০ লক্ষ লোকে প্ৰত্যক্ষভাৱে হেৰুৱাইছিল কৰ্মসংস্থান। এক কোটিতকৈও অধিক ক্ষুদ্ৰ ব্যৱসায়ীৰ বন্ধ হৈছিল উপাৰ্জনৰ পথ। সামান্য এটা সংস্থাপন বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে দেশৰ কোটি কোটি শিক্ষিত যুৱক-যুৱতী। কিন্তু সেই সময়তে লোকচক্ষুৰ আঁৰত ভাৰতবৰ্ষত সংঘটিত হৈছিল এক বৃহত অৰ্থনৈতিক কেলেংকাৰি। আৰু এই বৃহত কেলেংকাৰিৰ আঁৰত জড়িত আছিল দেশৰ ৰাজনীতিৰ এক অন্যতম শক্তি। সেই কেলেংকাৰিৰ জৰিয়তে কোনে লাভ কৰিছিল ২০ হাজাৰ কোটি টকা। কিন্তু অতি আচৰিত কথাটো হল এই ২০ হাজাৰ কোটিটকীয়া বৃহত কেলেংকাৰিৰ সৈতে জড়িত হৈ পৰিছে দেশৰ অন্যতম বৃহত বিৰোধী দল কংগ্ৰেছৰ শীৰ্ষ নেতা তথা সদ্য অযোগ্য ঘোষিত সাংসদ ৰাহুল গান্ধী। ২০ হাজাৰ কোটি টকীয়া কেলেংকাৰি প্ৰসংগত ৰাহুল গান্ধীয়ে লোকসভাত বক্তব্য ৰাখিব নোৱাৰিলে কিয়। এই সমুদায় তথ্য ক্ৰমাত ফাদিল হব লাগিছে। আৰু প্ৰকৃত চৰিত্ৰ প্ৰকাশিত হৈছে শাসকপক্ষৰ। দৰাচলতে ৰাহুল গান্ধীৰ বিৰুদ্ধে কঠোৰ হৈছে কোন আৰু নৰম হৈছে কোন।
কভিড মহামাৰীৰ পিছত স্বাভাৱিকভাৱে বিধ্বস্ত হৈছিল দেশৰ অৰ্থনীতি। ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰত ৫০ লক্ষ লোকে প্ৰত্যক্ষভাৱে হেৰুৱাইছিল কৰ্মসংস্থান। এক কোটিতকৈও অধিক ক্ষুদ্ৰ ব্যৱসায়ীৰ বন্ধ হৈছিল উপাৰ্জনৰ পথ। সামান্য এটা সংস্থাপন বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে দেশৰ কোটি কোটি শিক্ষিত যুৱক-যুৱতী। কিন্তু সেই সময়তে লোকচক্ষুৰ আঁৰত ভাৰতবৰ্ষত সংঘটিত হৈছিল এক বৃহত অৰ্থনৈতিক কেলেংকাৰি। আৰু এই বৃহত কেলেংকাৰিৰ আঁৰত জড়িত আছিল দেশৰ ৰাজনীতিৰ এক অন্যতম শক্তি। সেই কেলেংকাৰিৰ জৰিয়তে কোনে লাভ কৰিছিল ২০ হাজাৰ কোটি টকা। কিন্তু অতি আচৰিত কথাটো হল এই ২০ হাজাৰ কোটিটকীয়া বৃহত কেলেংকাৰিৰ সৈতে জড়িত হৈ পৰিছে দেশৰ অন্যতম বৃহত বিৰোধী দল কংগ্ৰেছৰ শীৰ্ষ নেতা তথা সদ্য অযোগ্য ঘোষিত সাংসদ ৰাহুল গান্ধী। ২০ হাজাৰ কোটি টকীয়া কেলেংকাৰি প্ৰসংগত ৰাহুল গান্ধীয়ে লোকসভাত বক্তব্য ৰাখিব নোৱাৰিলে কিয়। এই সমুদায় তথ্য ক্ৰমাত ফাদিল হব লাগিছে। আৰু প্ৰকৃত চৰিhttps://youtu.be/QlX-OVBRAkIত্ৰ প্ৰকাশিত হৈছে শাসকপক্ষৰ। দৰাচলতে ৰাহুল গান্ধীৰ বিৰুদ্ধে কঠোৰ হৈছে কোন আৰু নৰম হৈছে কোন।