ৰহাৰ গড়মাৰী তিনিসুঁতিত কলং নদীৰ ভয়াৱহ খহনীয়া

ৰহাৰ গড়মাৰী তিনিসুঁতিত কলং নদীৰ ভয়াৱহ খহনীয়া। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই খহনীয়াই ইতিমধ্যে কালৰূপ ধাৰণ কৰিছে। ইতিমধ্যে ৰহা-চাপৰমুখ তথা ৰহা-কামপুৰ গড়কাপ্টানি পথটোৰ অৰ্দ্ধাংশ কলঙে খহায় নিছে। শুক্ৰবাৰৰ পৰা পথটোৰ ওপৰেৰে যান বাহন চলাচল বন্ধ কৰি দিয়া হৈছে। জলসম্পদ বিভাগে শিল, মাটিৰ বস্তা পেলাই খহনীয়া ৰোধৰ চেষ্টা চলাই আছে যদিও খহিয়েই আছে গড়কাপ্টানি পথটো। চকুৰ সন্মুখতে খহনীয়াৰ কালৰূপ দেখি আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। অচিৰেই এই খহনীয়া ৰোধৰ ব্যৱস্থা নকৰিলে ৰহা-চাপৰমুখ পথ নি:শ্চিন্ন হোৱাৰ লগতে ভয়ানক বিপদত পৰিব ৰহাৰ এটা বৃহত্তৰ অঞ্চল।