Local, Vocal, Global

ৰংগস্বামী চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হ’ল পুডুচেৰীৰ

ৰংগস্বামী চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হ’ল পুডুচেৰীৰ
পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে চতুৰ্থবাৰৰ বাবে শপত ল’লে এন ৰংগস্বামীয়ে । শপতবাক্য পাঠ কৰোৱালে উপ -ৰাজ্যপাল তামিলচাই সুন্দৰৰাজনে । এ আই এন আৰ চি দলৰ প্ৰতিষ্ঠাপকে অভিলেখ সৃষ্টি কৰি এইবাৰ মৰ্চা চৰকাৰৰ মুখ্যমন্ত্ৰী হৈছে আৰু তেওঁৰ মন্ত্ৰীসভা থাকিব বিজেপিৰ সদস্যও । ২০১১ চনত অল ইণ্ডিয়া এন আৰ কংগ্ৰেছ দলৰ জন্ম দিছিল ৰংগস্বামীয়ে । ৭১ বছৰীয়া ৰংগস্বামীয়ে আজি চতুৰ্থবাৰৰ বাবে কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী হিচাপে শপত অভিলেখ সৃষ্টি কৰিলে । মৃদুভাখি এই মুখ্যমন্ত্ৰীজনক পুডুচেৰীবাসীয়ে অতি সহজেই লগ কৰিব পাৰে আৰু সাধাৰণ এখন মটৰ চাইকেল চলাই তেওঁ ঘূৰা-ফিৰা কৰে ।