Local, Vocal, Global

মহানগৰীৰ ডাবল মাৰ্ডাৰ কাণ্ডৰ তদন্ত অব্যাহত;আজি পুনৰ মেঘালয়ত চলিব আৰক্ষীৰ অভিযান !

ডিজিটেল ডেস্ক:-নুনমাটিৰ ডাবল মাৰ্ডাৰ কাণ্ডৰ তদন্ত অব্যাহত। আজি পুনৰ মেঘালয়ত চলিব আৰক্ষীৰ অভিযান। বন্দনা কলিতাক লগত লৈ অভিযান চলাব আৰক্ষীয়ে।পুৱাই পাণবজাৰ মহিলা থানাৰ পৰা বন্দনা কলিতাক উলিয়াই নিয়া হৈছে। অমৰজ্যোতি দে’ৰ মৃতদেহৰ সন্ধানত মেঘালয়ত অভিযান চলাব পাৰে আৰক্ষীয়ে।
শংকৰী দে’ৰ মুণ্ডহীন মৃতদেহ চেৰাপুঞ্জীৰ পৰা উদ্ধাৰ কৰাৰ পিছত অমৰজ্যোতিৰ মৃতদেহৰ কিছু অংশ ডাউকীৰ পৰা উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। কিন্তু সম্পূৰ্ণ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাছিল আৰক্ষীয়ে। সেয়েহে আজি পুনৰ তিনি অভিযুক্তক লগত লৈ আৰক্ষীয়ে অভিযান চলাব। উল্লেখযোগ্য যে সম্পত্তিৰ লালসাত বন্দনা কলিতাই শাহু আৰু স্বামীক হত্যা কৰিছিল। হত্যা কৰি মেঘালয়ত অৰূপ আৰু ধনটিৰ সহযোগত পলিথিনত ভৰাই পেলাই দিছিল মৃতদেহ।

বন্দনা কলিতাই প্ৰথমে অমৰজ্যোতি দেৰ ঘৰত কেয়াৰটেকাৰ হিচাপে আছিল। তাৰ পিছতে গম পাইছিল শংকৰি দেৰ সম্পত্তিৰ কথা। শংকৰি দে অগাধ সম্পত্তি দেখি অমৰক প্ৰেমৰ জালত পেলাইছিল বন্দনাই।প্ৰেমৰ জাল পেলোৱাৰ মূল কাৰণ আছিল শংকৰি দে পৰা সম্পত্তি নিজৰ নামত অনাৰ। অৱশেষত অমৰৰ সৈতে বিবাহ পাশত আবদ্ধ হয় বন্দনা। শংকৰি দে পৰা সম্পত্তি নিজৰ নামত কেনেকৈ কৰিব পাৰি তাৰ বাবে আলোচনা কৰিছিল ধন্তি আৰু অৰূপৰ লগত।তাৰপিছতে আৰম্ভ হ’ল এই গা কঁপোৱা ভয়ংকৰ হত্যাকাণ্ড।