নতুন দিল্লীৰ লালকিল্লাৰ প্ৰাচীৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
নিউজ ডেস্ক, ১৫ আগষ্ট : ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে নতুন দিল্লীৰ লালকিল্লাৰ প্ৰাচীৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীৰ উদ্দেশ্যে পৰম্পৰাগত ভাষণ প্ৰদান কৰে।
আনহাতে, ভাষণৰ পূৰ্বে মোডীয়ে ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ৰাজঘাটত উপস্থিত হৈছিল।
প্ৰধানমন্ত্ৰীয়ে প্ৰাচীৰৰ তলৰ খাদটোৰ ওপৰেৰে পোনপটীয়াকৈ ৰাষ্ট্ৰীয় পতাকাৰ সন্মুখত ৰখা গাৰ্ড অফ অনাৰও পৰিদৰ্শন কৰিছিল ।
লালকিল্লাত উপস্থিত হোৱাৰ পিছত তেওঁক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভট্ট আৰু প্ৰতিৰক্ষা সচিব ড০ অজয় কুমাৰে আদৰণি জ্ঞাপন কৰে।
পৰৱৰ্তী সময়ত, এক মিলিত আন্তঃ-সেৱা আৰু দিল্লী আৰক্ষীয়ে প্ৰধানমন্ত্ৰীক সাধাৰণ অভিবাদন জনায়।