Local, Vocal, Global

অনিয়ন্ত্ৰিত হৈ পৰিছে ৰাজ্যৰ বজাৰ ব্যৱস্থা

অনিয়ন্ত্ৰিত হৈ পৰিছে ৰাজ্যৰ বজাৰ ব্যৱস্থা। আকাশলংঘী মূল্যবৃদ্ধিয়ে জ্বলা কলা খুৱাইছে সৰ্ব সাধাৰণ ৰাইজক। শাক পাচলিৰ পৰা দালি,তেলকে ধৰি বৃদ্ধি হৈছে সকলো সামগ্ৰীৰ দাম। এসাঁজ ভাতৰ বাবে ভাবিব লগা হৈছে দৰিদ্ৰ-মধ‍্যবৃত্ত লোকে। লকডাউনৰ সময়ৰে পৰা অব্যাহত থকা ব্যাপক মূল্য বৃদ্ধিয়ে সৰ্বস্তৰৰ জনতাক জুৰুলা কৰাৰ পাছতো নিৰ্বিকাৰ হৈ আছে ৰাজ্য চৰকাৰ আৰু চৰকাৰৰ অধীনত বিয়াগোম প্ৰশাসন। প্ৰতি লিটাৰ ধৰা মিঠাতেল ১৪০টকা আৰু ইঞ্জিন মিঠাতেল ১৫৮ টকা দৰত বিক্ৰী হৈ আছে। এমাহৰ ভিতৰতে মিঠাতেলৰ দাম লিটাৰত ১০-১৫টকা কৈ বৃদ্ধি হৈছে। প্ৰতিকিলো মগু দাইল ১২০ টকা আৰু প্ৰতিকেজি মছুৰ ডাইল(সৰু)৯৬ টকা কৈ কিনিব লগা হৈছে। চাউলৰ দাম ন‍্যুন‍তম ৩২ টকাৰ পৰা আৰম্ভ কৰি ৬০ টকালৈ বৃদ্ধি পাইছে। আনফালে শাক পাচলিৰ বজাৰতো জুই। মহানগৰীৰ বজাৰত প্ৰতিকেজি বিলাহীৰ দাম ৮০টকা, কুণ্ডুলী ৮০ টকা ,জিকা ৮০ টকা, লেচেৰা ৮০-৯০টকা, তিয়ঁহ ৮০টকা, গাজৰ ১০০-১২০টকা, ফুলকবি ১০০টকা, জলকীয়া ২০০-২৫০ টকা আৰু নহৰু ২০০টকা দামত বিক্ৰী হৈ আছে। বজাৰত আলুৰ দাম প্ৰতি কেজিত ৪৫-৫০ টকা পৰ্যন্ত হৈছেগৈ। মূল্যবৃদ্ধি নিয়ন্ত্ৰণলৈ আনিবলৈ ভূটানৰ পৰা পিঁয়াজ,আলু আমদানিৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েলে জনাইছে যে, সকলো মিলাই ১০ লাখ টন আলু আমদানি কৰিব ভাৰতে। ডিৰেক্টৰেট জেনেৰেল অৱ অ’ৰেন ট্ৰেড এণ্ড ডিজিএফটিয়ে শুকুৰবাৰে জাৰি কৰা এক বিবৃতিত জনায় যে, ৩১ জানুৱাৰী ২০২১ পৰ্যন্ত কোনো লাইচেন্স অবিহনে ভূটানৰ পৰা আলু আমদানি কৰা যাব। ইয়াৰ পিছত মূল্যবৃদ্ধি কিমান নিয়ন্ত্ৰণলৈ আহে এয়া লক্ষণীয় হ’ব।