বজাৰত লাগিছে জুই,মন্ত্ৰী মহোদয় আছে শুই

ৰাজ্যত অত্যাৱশ্যকীয় খাদ্য-সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধি। মুখ্যমন্ত্রী,যোগানমন্ত্রীৰ নিৰ্দেশৰ পিছতো হ্ৰাস পোৱা নাই অত্যাৱশ্যকীয় খাদ্য-সামগ্রীৰ দাম।যোৱা ৪ নৱেম্বৰত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে যোগানমন্ত্রী ফণীভূষণ চৌধুৰীৰ উপস্থিতিত ব্যৱসায়িক সংস্থাসমূহৰ লগত এখন সভাত মিলিত হয়। উক্ত বৈঠকখনত মুখ্যমন্ত্রী সোণোৱালে অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰিবলৈ ব্যৱসায়িক সংস্থাসমূহৰ লগতে যোগান বিভাগক নির্দেশ দিয়ে। কিন্তু এচাম অসাধু ব্যৱসায়ীয়ে চৰকাৰৰ এই কঠোৰ নিৰ্দেশনাক অৱজ্ঞা কৰা দেখা গৈছে।
চৰকাৰে অত্যাৱশ্যকীয় সামগ্রীসমূহৰ মূল্য নিয়ন্ত্রণ কৰিবলৈ নির্দেশ দিয়াৰ পিছতো ৰাজ্যৰ বজাৰত নিয়ন্ত্রণহীন হৈ আছে শাক পাচলিৰ দাম। আলু-পিঁয়াজ,মিঠাতেল,দাইল,নহৰু,শাক-পাচলিকে ধৰি সকলো ধৰণৰ খাদ্য-সামগ্রীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। দৈনন্দিন প্ৰয়োজনীয় সামগ্রীৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ আৰম্ভ কৰিছে বিভিন্ন দল সংগঠনে ।প্ৰতিবাদকাৰী সকলে ৰাজহুৱা স্থান,ৰাজপথ আদিত পিঁয়াজৰ মালা পিন্ধি, বিভিন্ন ধৰণৰ শাক পাচলি, গেছৰ চিলিণ্ডাৰ আদি হাতত লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। আনহাতে সমাগত নিৰ্বাচনক লৈও এচামে শাক-পাচলিৰ চিণ্ডিকেট চলাইছে বুলি বিভিন্ন মহলত চৰ্চা চলিছে।