Local, Vocal, Global

তিনিদিনীয়া অসম ভ্ৰমণৰ অন্তত দিল্লী অভিমুখী যাত্ৰা ৰাষ্ট্ৰপতি কোবিন্দৰ

নিউজ ডেস্ক,২৭ ফ্ৰেব্ৰুৱাৰীঃ তিনিদিনীয়া অসম ভ্ৰমণ সামৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, সহধৰ্মিনী সৱিতা কোবিন্দ আৰু জীয়ৰী স্বাতী কোবিন্দক যোৰহাট বিমান বন্দৰত বিদায় সম্ভাষণ জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে- “ৰাষ্ট্ৰপতিৰ স্নেহ, মাৰ্গদৰ্শন আৰু বহুমূলীয়া পৰামৰ্শ আমাৰ বাবে সদায়েই অনুপ্ৰেৰণা হৈ ৰ’ব”।
         ৰাষ্ট্ৰপতি কোবিন্দ আৰু ফাৰ্ষ্ট লেডীগৰাকীৰ তিনিদিনীয়া অসম ভ্ৰমণৰ বিদায় পৰ্বত মন্ত্ৰী যোগেন মহন, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক ভবেন ভৰালীও উপস্থিত থাকে।