Local, Vocal, Global

পঞ্চভূতত বিলীন হ’ল প্ৰণৱ বাবু

দেশবাসীৰ চকুত অশ্ৰুসিঁচি বিদায় ললে ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জীয়ে। ৰাষ্ট্ৰীয় মৰ্যাদাৰে দিল্লীৰ লোধী ৰোড শ্মাশান ঘাটত সম্পন্ন হয় শেষকৃত্য। সকলো ধৰণৰ ক’ভিড প্ৰট’ক’ল পালন কৰি শেষকৃত্য সম্পন্ন হয় দেশৰ প্ৰাক্তন ৰাষ্ট্রপতিগৰাকীৰ। প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিৎ মুখাৰ্জীৰ লগতে অন্তিম সৎকাৰত উপস্থিত থাকে সীমিত সংখ্যক আত্মীয়–স্বজন।

সোমবাৰে নিশা দিল্লীস্থিত আৰ্মী ৰিছাৰ্চ এণ্ড ৰেফাৰেল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰাক্তন ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীয়ে। ৮৪ বছৰত বয়সত হাঁওফাঁওৰ সংক্ৰমণৰ ফলত দেহাৱসান ঘটে মুখাৰ্জীৰ। ১০ আগষ্টত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল মুখাৰ্জীক। কিছুদিন পুৰ্বেই প্ৰাক্তন ৰাষ্ট্রপতিগৰাকীৰ সম্পন্ন হৈছিল মগজুৰ অস্ত্ৰোপচাৰো।