Local, Vocal, Global

ডাক ঘৰৰ কৰ্মচাৰীয়ে আধাৰ কাৰ্ড,পান কাৰ্ড,এটিএম পুখুৰীত পেলাইদিয়াৰ অভিযোগ

লালপুল ডাক ঘৰৰ নাভূত-নাশ্ৰুত কাণ্ড । আধাৰ কাৰ্ড,পান কাৰ্ড,এটিএম আদি গুৰুত্বপূৰ্ণ নথিপত্ৰ গ্ৰাহকক দিয়াৰ পৰিৱৰ্তে পুখুৰীত পেলাই দিয়াৰ ভয়ংকৰ অভিযোগ । নথিপত্ৰ বিচাৰি হাহাকাৰ একাংশ গ্ৰাহকৰ

ডাক ঘৰৰ কৰ্মচাৰীৰ কঠোৰ শাস্তি প্ৰদানৰ দাবী স্থানীয় ৰাইজৰ । আপুনি বাৰু ভাৰতীয় ডাক সেৱাক বিশ্বাস কৰে নেকি ?  বৰ্তমান সময়ৰ অতিকৈ প্ৰয়োজনীয় নথি আধাৰ কাৰ্ড, পান কাৰ্ড আদি গুৰুত্বপূৰ্ণ নথিসমূহ গৰাকীক দিয়াৰ পৰিৱৰ্তে এনেদৰেই বস্তাত ভৰাই পুখুৰীত পেলাই দিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ।ঘটনাটো সংঘটিত হৈছে দৰং-ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী লালপুল ডাক ঘৰ(Lalpool Post office)ত ।

শনিবাৰে আবেলি ডাক ঘৰৰ পিছফালে থকা পুখুৰীৰ পাৰত খৰি বুটলি থকা সময়তে কোনো লোকে পুখুৰীত এখন বস্তা প্ৰত্যক্ষ কৰে ।পিছত বস্তাখন উঠাই আনি খোলাতহে উৰহী গছৰ ওৰ ওলাই পৰে ।বস্তাখনৰ ভিতৰত থকা হাজাৰৰো অধিক আধাৰ কাৰ্ড,পান কাৰ্ড আৰু এটিএম কাৰ্ড গৰাকীক দিয়াৰ পৰিৱৰ্তে লালপুল ডাক ঘৰৰ কৰ্মচাৰীয়ে বস্তাত ভৰাই পুখুৰীত পেলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

এই সন্দৰ্ভত ডাক ঘৰখনৰ পৰিচালক জনৰ পৰা প্ৰতিক্ৰিয়া বিচৰা হৈছিল যদিও পৰিচালকজন অজ্ঞাত প্ৰকাশ কৰি মন্তব্য দিয়াৰ পৰা বিৰত থাকে ।ডাক ঘৰ(Post office)খনৰ কৰ্মচাৰীৰ এনে দায়িত্ব জ্ঞানহীন কৰ্মকাণ্ড তথা চৰম গাফিলতিৰ বাবে ৰাইজ ভয়ংকৰ বিপদৰ সন্মুখীন হোৱাৰ আশংকা ব্যক্ত কৰিছে সচেতন মহলে ।

উল্লেখ্য যে, লালপুল ডাক ঘৰ(Lalpool post office)ৰ কৰ্মচাৰীয়ে ডাক সেৱাৰ জৰিয়তে অহা বস্তু গৰাকীক নিদিয়াৰ অভিযোগ পূৰ্বৰে পৰা উত্থাপন হৈ অহাৰ সময়তে অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় নথি এনেদৰেই পুখুৰীত পেলাই ঘটনাই অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে ।

গতিকে ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষী কৰ্মচাৰীৰ ওপৰত কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ-প্ৰশাসন তথা ভাৰতীয় ডাক বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে