Local, Vocal, Global

গোসাঁইগাঁৱত আৰক্ষীৰ গুলীচালনা, নিহত দুই গো-মাফিয়া

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ গোসাঁইগাঁৱত আৰক্ষী আৰু গো- মাফিয়াৰ মাজত গুলীচালনা। আৰক্ষীৰ গুলীত নিহত হয় দুই আন্তঃৰাষ্ট্ৰীয় গো-মাফিয়া। নিহত গো-মাফিয়া দুজন উত্তৰ প্ৰদেশৰ আকবৰ বনজাৰা আৰু ছলমান বনজাৰা।

নিশা প্ৰায় ১.১৫ বজাত সংঘটিত হৈছে এই ঘটনা।প্ৰথমে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গো-মাফিয়া দুজনক। ইয়াৰপিছতেই আটকাধীন দুই মাফিয়াক লৈ আৰক্ষীয়ে অভিযান চলায়।

অভিযানৰ সময়তেই আৰক্ষীলৈ গুলী চালনা কৰে গো-মাফিয়া চক্ৰটোৱে। লগতে পথত গছ পেলাই আৰক্ষীৰ অভিযানত বাধা দিছিল চক্ৰটোৱে।

আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তেই দুৰ্বৃত্তই আৰক্ষীৰ ওপৰত কৰা আক্ৰমণৰ প্ৰত্যাক্ৰমণ কৰে। প্ৰায় ১৫ মিনিট ধৰি দুয়োপক্ষৰ মাজত চলে প্ৰচণ্ড গুলীয়াগুলী। আৰক্ষীৰ গুলীচালনাত নিহত হয় দুজন গো- মাফিয়া।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা এ কে-৪৭ ৰাইফল, দুটা মেগজিন, ৩৫ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে। এই ঘটনাত চাৰিজন আৰক্ষী জোৱান আহত হয় বুলি জানিব পৰা গৈছে।