Local, Vocal, Global

ৰহাত জালনোট সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ বিগত ১২ ঘণ্টাত নগাঁৱত দুটাকৈ গুলী চালনাৰ ঘটনা সংঘটিত হয়। বুধবাৰে নিশা শিশু ধৰ্ষণকাৰীক গুলী চলোৱাৰ পিছতেই বৃহস্পতিবাৰে আৰক্ষীয়ে জালনোট সৰবৰাহকাৰীলৈ গুলীচালনা কৰে।

বৃহস্পতিবাৰে দিনৰ ভাগত ৰহাত গুলীচালনাৰ ঘটনা সংঘটিত হয়। আৰক্ষীৰ গুলীত আহত হয় এজন অভিযুক্ত। প্ৰায় ৫০ লাখ নকল টকাসহ দুটা সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে যদিও ইয়াৰে এজন পলাবলৈ সক্ষম হয়।

নগাঁও জিলাৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক দিপ্তী মালীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ ভিত্তিত ৰাষ্ট্ৰীয় ঘাইপথত নকল টকা সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলায়।

তিনি সৰবৰাহকাৰীয়ে এএচ ০২ এজি ৪৩৭৯ নম্বৰৰ এল্ট’ কাৰেৰে নকল টকা লৈ নগাঁৱৰ পৰা জাগীৰোড অভিমুখে গৈ থকা অৱস্থাত ৰহাত আৰক্ষীয়ে আটক কৰে।

সৰবৰাহকাৰীকেইটাই আৰক্ষীক খুন্দিয়াই পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে শূন্যলৈ কেইবা জাঁই গুলী চলায়। ইয়াৰ মাজতে বাবুল আলি নামৰ এজনৰ সোঁভৰিৰ আঙুলিত গুলী লাগে ৷

ইপিনে আৰক্ষীৰ গুলী গৈ ৰাষ্ট্ৰীয় পথেৰে আহি থকা এখন এম্বুলেনঞ্চত লগাত কথমপি এম্বুলেঞ্চত থকা লোকসকল ৰক্ষা পৰে।ইফালে জাল নোট সৰবৰাহকাৰীৰ গাড়ীৰ খুন্দাত এজন আৰক্ষী আহত হোৱাৰ খবৰ পোৱা গৈছে ।