Local, Vocal, Global

Nameri National Park :নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চোৰাংচিকাৰীৰ মাজত সংঘৰ্ষ; নিহত চোৰাংচিকাৰী

জানুগুৰিহাট,২০জানুৱাৰী : চোৰাংচিকাৰী আৰু বনৰক্ষীৰে সংঘৰ্ষ ৷ সংঘৰ্ষত নিহত চোৰাংচিকাৰী,উদ্ধাৰ বন্দুকসহ মৃত পহু ৷ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো(Nameri National Park)।

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ অংশত চোৰাংচিকাৰী আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাকৰ্মীৰ মাজত সংঘৰ্ষ হয়। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা প্ৰায় ৫০কিলোমিটাৰ দূৰত্বত তথা ৰাষ্ট্ৰীয় উদ্যানখনৰ ঘন জংঘলৰ মাজত সংঘটিত হয় এই সংঘৰ্ষৰ ঘটনাটো(Poacher shot dead by forest staff in Nameri National Park)৷

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত পহু নিধন কৰিবলৈ আহিছিল চোৰাং চিকাৰীটো ৷ চোৰাং চিকাৰীটোৱা মৃত্যুৰ পূৰ্বে এটা পহুও হত্যা কৰিছিল।

বনৰক্ষীৰ দলে চলোৱা অভিযানৰ সময়ত চোৰাংচিকাৰীয়ে বনৰক্ষীলৈ অতৰ্কিতে গুলীচালনা কৰে৷ প্ৰত্যুত্তৰত বনৰক্ষীয়েও গুলীয়াই প্ৰত্যুত্তৰ দিয়াত এজন চোৰাং চিকাৰী নিহত হয়৷ ঘটনাস্থলীৰ পৰা বনৰক্ষীৰ দলটোৱে এটা হস্তনিৰ্মিত বন্দুক আৰু এটা মৃত পহু উদ্ধাৰ কৰিছে৷ নিহত লোকজনৰ পৰিচয় এইপৰ্যন্ত উদ্ধাৰ হোৱা নাই ৷

লগতে পঢ়ক :Assam Govt. Job Recruitment: ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ