Local, Vocal, Global

দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী

দুৰ্নীতি আৰু কৰ্তব্যত গাফিলতি বিৰুদ্ধে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কঠোৰ পদক্ষেপ। পিআৰডি-১২/৬৮/২০১৯-পিআৰ ডি(বি)৩২ নং নিৰ্দেশযোগে কৰিমগঞ্জ জিলাৰ দুৰ্লভচেৰাৰ উন্নয়ন খণ্ডৰ বিডিঅ’ সৰোজ দাসক তৎকালীনভাৱে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰে। উল্লেখ্য যে বিষয়া গৰাকীৰ বিৰুদ্ধে MGNREGAআৰু PMAY আঁচনি ৰূপায়ণত বিত্তীয় কেলেংকাৰী আৰু কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ উত্থাপিত হৈছিল বিষয়া গৰাকীৰ বিৰুদ্ধে।

আনহাতে দুৰ্নীতি আৰু কৰ্তব্যৰ গাফিলতিৰ অভিযোগৰ ফলতেই ভিচিডিচি ৰ গ্ৰাম ৰোজগাৰ সহায়ক খলিলুৰ ৰহমান আৰু জিপিচি ৰ সমম্বয়ক প্ৰহ্লাদ দাসকো দুটা সুকীয়া নিৰ্দেশযোগে চাকৰিৰ পৰা বৰ্খাস্ত কৰে।