PM Modi to visit France: তিনিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু ইউ.এ.ই যাত্ৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
নেশ্যনেল ডেস্ক, ১৩জুলাই : দুদিনীয়া ভ্ৰমণসূচীৰে আজি ফ্ৰান্সত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Narendra Modi France Visit) । বৃহস্পতিবাৰে পুৱা প্ৰধানমন্ত্ৰী মোডীয়ে পালম বিমানবন্দৰৰ পৰা ফ্ৰান্স আৰু তাৰ পাছত ইউএইৰ চৰকাৰী ভ্ৰমণৰ বাবে ৰাওনা হয় । এই ভ্ৰমণৰ সময়চোৱাত প্ৰধানমন্ত্ৰী মোডীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব (PM Modi to visit France)।
মোডীৰ এই বৈঠকত আই এন এছ বিক্ৰান্তৰ বাবে ২৬ খন ৰাফেল যুঁজাৰু বিমানৰ ক্ষেত্ৰত ভাৰত আৰু ফ্ৰান্সৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। লগতে মেক-ইন-ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত মাজাগাও ডকয়াৰ্ডছ লিমিটেডত কালভেৰী শ্ৰেণীৰ আৰু তিনিখন ছাবমেৰিন ফ্ৰান্সৰ সহযোগত নিৰ্মাণৰ চুক্তি স্বাক্ষৰ হ’ব (PM Modi departs for three day visit to France and UAE)।
প্ৰধানমন্ত্ৰী মোডীৰ এই ফ্ৰান্স ভ্ৰমণে দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বক এক নতুন গতি প্ৰদান কৰিব বুলি বিশ্বাস কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে । প্ৰধানমন্ত্ৰী মোডীয়ে বৃহস্পতিবাৰে অৰ্থাত আজি ফ্ৰান্সত থাকিব আৰু বেষ্টিল দিৱসৰ কুচকাৱাজত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০১৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটো পঞ্চম ইউএই ভ্ৰমণ । যিয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্বৰ কথা উল্লেখ কৰিব। ইয়াৰ আগতে তেওঁ ফেব্ৰুৱাৰী ২০১৮ আৰু আগষ্ট ২০১৫ত, ২০২২ চনৰ জুন, আগষ্ট ২০১৯, ইউ.এ.ই. ভ্ৰমণ কৰিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই ভ্ৰমণক লৈ যথেষ্ট আশাবাদী আৰু এই ভ্ৰমণে দ্বিপাক্ষিক চুক্তিক নতুন গতি প্ৰদান কৰিব বুলি বিশ্বাস কৰে আৰু মোডীয়ে আৰু কয় যে ,অহা ২৫ বছৰত এই সময়-পৰীক্ষিত সম্পৰ্কক আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নৰ সৈতে বিস্তৃত আলোচনাৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীয়ে আশাবাদী ।
প্ৰাপ্ত তথ্য অনুসৰি , প্ৰধানমন্ত্ৰী মোডীয়ে এক বিবৃতিত কয় যে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নক সাক্ষাৎ কৰিব আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজত অংশীদাৰিত্ব আগবঢ়োৱাৰ বিষয়ে আলোচনা কৰিবলৈ গভীৰ আগ্ৰহেৰে ৰৈ আছে । পেৰিছৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰী মোডীয়ে ১৫ জুলাইত চৰকাৰী ভ্ৰমণৰ অংশ হিচাপে ইউ এ ইৰ আবু ধাবিলৈ যাব ।
ফ্ৰান্স ভ্ৰমণ সমাপ্ত কৰি প্ৰধানমন্ত্ৰী মোডীয়ে ইউ.এ.ই. লৈ যাব। ইউ.এ.ই ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে তেওঁ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান আৰু আবু ধাবিৰ শাসকসকলক সাক্ষাৎ কৰিব ।
উল্লেখ যোগ্য যে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নৰ আমন্ত্ৰণত ভ্ৰমাণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰু ভাৰতীয় ২৬৯ কেডেটে ‘চাৰে জাহা ছে আচ্ছা’ৰ তালে তালে পেৰেডত অংশ গ্ৰহণ কৰিব। য’ত ১৪ জুলাইত বাষ্টিল দিৱসৰ কুচকাৱাজত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ।
সেই অনুষ্ঠানত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনি বাহিনীয়ে অংশ ল’ব। ফ্ৰান্স ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে দেশখনৰ প্ৰধানমন্ত্ৰীৰ লগতে চিনেট আৰু ফ্ৰান্সৰ নেচনেল এচেম্বলীৰ সাংসদসকলকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক : Opposition Unity Meeting : বেংগালুৰুত বিৰোধী ঐক্য বৈঠকত অংশগ্ৰহণ কৰিব ২৪ টা দলে, অংশগ্ৰহণ কৰিব ৮টা নতুন দল