PM Modi Mahakumb: আজি প্ৰয়াগৰাজৰ মহাকুম্ভ মেলালৈ যাব প্ৰধানমন্ত্ৰী

নিউজ ডেস্ক,৫ফেব্ৰুৱাৰী : আজি উত্তৰ প্ৰদেশলৈ যাব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(PM Modi Mahakumbh)। প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা দৰ্শন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই কথা সদৰী কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে(PM Modi to visit Mahakumbh Mela in Prayagraj on today)।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে বুধবাৰে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা ভ্ৰমণ কৰিব আৰু পুৱা প্ৰায় ১১ বজাত ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰিব।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে অহা ২৬ ফেব্ৰুৱাৰীৰ মহাশিৱৰাত্ৰি পৰ্যন্ত মহাকুম্ভ অব্যাহত থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে অহা ৫ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা ২০২৫ ভ্ৰমণ কৰিব বুলি থিৰাং কৰিছে।পুৱা প্ৰায় ১১ বজাত তেওঁ সংগমস্থলীত পৱিত্ৰ স্নান কৰি মা গংগাক আৰাধনা কৰিব বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিবৃতিত লগতে উল্লেখ কৰা হৈছে।
লগতে পঢ়ক :Encounter in Jorabat:যোৰাবাটত নিশা বশিষ্ঠ আৰক্ষীৰ এনকাউণ্টাৰ