প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে ১ টকা, ২, ৫, ১০ আৰু ২০ টকাৰ মূল্যৰ নতুন মুদ্ৰাৰ

নিউজ ডেস্ক, ৬ জুন : প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে দৃষ্টিহীন-অনুকূল মুদ্ৰাৰ (visually impaired-friendly coins) এক বিশেষ শৃংখলা উন্মোচন কৰে।
প্ৰধানমন্ত্ৰীয়ে আজাদী কা অমৃত মহোৎসৱ (AKAM) ডিজাইনৰ ১ টকা, ২, ৫, ১০ আৰু ২০ টকাৰ মূল্যৰ মুদ্ৰাৰ বিশেষ শৃংখলা উন্মোচন কৰে । এই মুদ্ৰাবোৰ স্মাৰক নহয় আৰু ইয়াক প্ৰচাৰ কৰা হ’ব।
বিত্ত মন্ত্ৰালয়ৰ প্ৰতিষ্ঠিত সপ্তাহ উদযাপনত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “মুদ্ৰাৰ এই নতুন শৃংখলাটোৱে মানুহক অমৃত কালৰ উদ্দেশ্যৰ কথা সোঁৱৰাই দিব আৰু দেশৰ বিকাশৰ দিশত কাম কৰিবলৈ ৰাইজক আহ্বান জনাব।”
লগতে তেওঁ ১২ টা চৰকাৰী পদক্ষেপৰ সৈতে ক্ৰেডিট-লিংকড পৰ্টেল ‘জন সমৰ্থ ছাইট’ উদ্বোধন কৰাৰ কথাও ঘোষণা কৰে।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছিল যে এই প্ৰতিটো কাৰ্যসূচী মঞ্চত প্ৰদৰ্শিত হ’ব। “এই ছাইটটোৱে নাগৰিকসকলৰ বাবে একেটা প্ৰশ্ন বাৰে বাৰে নোসোধাকৈ চৰকাৰী কাৰ্যসূচীত প্ৰৱেশ কৰাত সহজ কৰি তুলিব।”