Local, Vocal, Global

PM Modi Australia Visit: ছিডনীৰ এডমাইৰেল্টি হাউচত প্ৰধানমন্ত্ৰী মোদীক চেৰিমনিয়েল গাৰ্ড অৱ অনাৰ প্ৰদান

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৪ মে’: অষ্ট্ৰেলিয়াৰ ছিডনীৰ এডমাইৰেল্টি হাউচত বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক চেৰিমনিয়েল গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয় (Prime Minister Narendra Modi receives ceremonial guard of honour) । এডমাইৰেল্টি হাউচত দৰ্শনাৰ্থীৰ বাবে থকা গ্ৰন্থখনতো স্বাক্ষৰ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ পূৰ্বে মঙলবাৰে ছিডনী ভ্ৰমণৰ সময়ত এক ৰাজহুৱা অনুষ্ঠানত ভাগ লৈ প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ঐতিহাসিক সম্পৰ্কৰ ভেটি ঘনিষ্ঠ হোৱা বুলি উল্লেখ কৰি ইয়াক “পাৰস্পৰিক বিশ্বাস আৰু পাৰস্পৰিক সন্মান” বুলি অভিহিত কৰে (Prime Minister Narendra Modis address to Indian diaspora) ।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক পূৰ্বতে ৩চি- কমনৱেলথ, ক্ৰিকেট আৰু কাৰিৰ মাজতে সীমাবদ্ধ আছিল (Commonwealth Cricket and Curry) । তাৰ পিছত ‘গণতন্ত্ৰ, প্ৰব্ৰজন আৰু সম্পৰ্ক’(Democracy Diaspora and Dosti) … আৰু পিছলৈ ‘শক্তি, অৰ্থনীতি আৰু শিক্ষা’(Energy Economy and Education)ৰ দ্বাৰা সংজ্ঞায়িত হোৱা পৰিলক্ষিত হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সম্পৰ্ক “ইয়াৰ বাহিৰত” আৰু “এয়া হৈছে পাৰস্পৰিক বিশ্বাস আৰু পাৰস্পৰিক সন্মান” (It is mutual trust and mutual respect) তেখেতৰ ভাষণত কয় ।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ দ্বিতীয় দিনা ছিডনীত অনুষ্ঠিত হোৱা ৰাজহুৱা অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াত থকা ভাৰতীয় প্ৰবাসীসকলক দুয়োখন দেশৰ মাজত হোৱা পাৰস্পৰিক সন্মান আৰু বিশ্বাসৰ আঁৰৰ শক্তি হিচাপে স্বীকৃতি দিয়ে (PM Modi Addessing community event in Sydney) ।

“পূৰ্বতে কোৱা হৈছিল যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সম্পৰ্ক ৩চি- কমনৱেলথ, ক্ৰিকেট আৰু কাৰিৰ দ্বাৰা সংজ্ঞায়িত কৰা হৈছে । তাৰ পিছত কোৱা হৈছিল যে আমাৰ সম্পৰ্ক ‘গণতন্ত্ৰ, প্ৰব্ৰজন আৰু সম্পৰ্ক’ৰ দ্বাৰা সংজ্ঞায়িত হৈছিল । একাংশই এই ধৰনেও উল্লেখ কৰিছিল যে, আমাৰ সম্পৰ্ক অৰ্থনীতি আৰু শিক্ষা শক্তিৰ ওপৰত নিৰ্ভৰশীল । কিন্তু মই বিশ্বাস কৰোঁ যে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক ইয়াৰ বাহিৰতো আছে আৰু ই হৈছে পাৰস্পৰিক বিশ্বাস আৰু পাৰস্পৰিক সন্মানৰ সম্পৰ্ক ।’

মঙলবাৰে ছিডনীত প্ৰধানমন্ত্ৰীগৰাকীয়ে অষ্ট্ৰেলিয়াৰ শীৰ্ষ ব্যৱসায়ীক প্ৰতিস্থানসমূহৰ প্ৰতিনিধিৰ সৈতেও এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় (Business leaders of top Australian companies) । বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় উদ্যোগৰ সৈতে প্ৰযুক্তি, দক্ষতা, আৰু স্বচ্ছ শক্তিৰ ক্ষেত্ৰখনত সহযোগিতা বৃদ্ধিৰ বাবে ব্যৱসায়ীক প্ৰতিস্থানসমূহৰ প্ৰতিনিধিসকলক আহ্বান জনায় ।

লগতে পঢ়ক: ‘Modi Mango’ to be available in the market : বজাৰত উপলদ্ধ হ’ব ‘মোডী আম’