প্ৰধানমন্ত্ৰীয়ে স্বচ্চ ভাৰত অভিযানক জনজাগৰণৰ ৰূপ দিছে-মুখ্যমন্ত্ৰী

গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী, ২০২২: সমগ্ৰ দেশৰ লগতে অসমতো ভাৰতীয় জনতা পাৰ্টিৰ লাখ লাখ কায্যৰ্কতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ শ্ৰোতা হয।মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা,দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা,প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংগঠনিক সাধাৰণ সম্পাদক ফনীদ্ৰনাথ শৰ্মা,দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ ৮ টা মৰ্চাৰ সভাপতি, সকলো সাংসদ, বিধায়ক,জিলা সভাপতি সকলকে ধৰি সকলো কায্যৰ্কতা মন কী বাত অনুষ্ঠানৰ অংশীদাৰ হয়।উল্লেখযোগ্য যে ৰাজ্যৰ ২৮৩৭২ টা বুথ কমিটি, দলৰ ৪০খন সাংগঠনিক জিলাৰ কাৰ্যালয়ত তথা ৩৯৯ টা মণ্ডল কাৰ্যালয়ত আজি মন কী বাত উপলক্ষ্যে কায্যৰ্কতা সকল উপস্থিত থাকি কাৰ্যক্ৰমত ভাগ।ৰাজ্যিক বিজেপি ৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই বাতৰি কাকত লৈ প্ৰেৰণ কৰা এক বিবৃতি যোগে এই তথ্য সমূহ জানিবলৈ দিয়ে।গুৱাহাটীৰ হেঙাৰাবাৰীত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভবনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক সদায় অগ্ৰাধিকাৰ দিয়া হয বুলি ৰাজ্যিক মুখপাত্ৰ শৰ্মাই মত পোষণ কৰে।উল্লেখযোগ্য যে আজি প্ৰধানমন্ত্ৰীযে মন কী বাত ত কোকৰাঝাৰ চহৰত থকা তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ্লাইঅভাৰ স্থানীয় ৰাইজেে সদায় চাফা কৰাৰ কথা উল্লেখ কৰিছিল।মন কী বাত অনুষ্ঠান শেষ হোৱাৰ পিছতে প্ৰধানমন্ত্ৰীৰ বক্তব্য ৰ ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাই।প্ৰধানমন্ত্ৰীযে স্বচ্ছ ভাৰত অভিযানক এক জনজাগৰণৰ ৰূপ দিয়া বুলি মুখ্যমন্ত্ৰীয়ে মতপোষণ কৰা বুলি বিজেপি মুখপাত্ৰ জনে কয়।উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অসম ভ্ৰমণত ব্যস্ত হৈ থকা মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত মন কী বাত অনুষ্ঠানৰ অংশীদাৰ হয়।আনহাতে দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই ব্ৰহ্মপুত্ৰ নদীৰ বুকুত মন কী বাত অনুষ্ঠানত অংশ গ্ৰহন কৰে।মাজুলী উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ভাগ লবলৈ ফেৰীৰে গৈ থকা অবস্থাত তেওঁক সহযোগ কৰা দলীয় সতীৰ্থ সকলৰ সৈতে ফেৰীতে মন কী বাত অনুষ্ঠানৰ অংশীদাৰ হয়। দলৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ ফনীন্দ্ৰনাথ শৰ্মাই শিবসাগৰ চহৰত থকা দলৰ জিলা কাৰ্যালয়ত উপস্থিত থাকি মন কী বাত অনুষ্ঠানৰ শ্ৰোতা হয।এই অনুষ্ঠানৰ পিছতে শ্ৰী শৰ্মাই শিবসাগৰ পৌৰসভাত চলি থকা দলৰ প্ৰচাৰ কাৰ্যৰ বুজ লোৱাৰ লগতে অখিল গগৈৰ ৰাইজৰ দলক ‘অকলশৰীয়া দল’ বুলি বৰ্ণনা কৰে।শ্ৰী শৰ্মাৰ মতে অৰাজক কাম কাজৰ বাবে গণ বিচ্ছিন্ন হৈ পৰা দলটো এতিয়া অকলশৰীয়া মানুহৰ দলত পৰিণত হৈছে।ঠিক একেদৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত আৰু দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ৰঙিয়া বিধানসভা সমষ্টিৰ ৫৫নং বুথ কমিটি যে আযোজন কৰা কাৰ্যক্ৰমত উপস্থিত থাকি মন কী বাত অনুষ্ঠানৰ অংশীদাৰ হয় বিজেপি মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই বিবৃতিত উল্লেখ কৰিছে।