অৱশেষত গ্ৰেপ্তাৰ হ’ল পলাতক পি.কে. দত্ত
অৱশেষত গ্ৰেপ্তাৰ হ’ল পলাতক পি.কে. দত্ত। নেপালৰ কাঠমাণ্ডুৰ কাকৰভিতাৰ পৰা গ্ৰেপ্তাৰ কৰিলে পলাতক পি.কে দত্তক। মাজ নিশা পি.কে গ্ৰেপ্তাৰ কৰা বুলি তথ্য সদৰি কৰিলে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক জি.পি সিঙে। ২০ ছেপ্তেম্বৰত SI প্ৰশ্নকাকত ফাদিলৰ পিছত ২৩ ছেপ্তেম্বৰত নাম পোহৰলৈ আহিছিল প্ৰাক্তন ডিআইজি পি.কে .দত্ত। আৰু তেতিয়াৰে পৰা যাদুৰ দৰে অন্তৰ্ধান হৈ পৰিছিল প্ৰশ্নকাকত ফাদিলৰ মূল কাণ্ডাৰী পি.কে দত্ত।
আৰক্ষীৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি পি.কে. দত্তক গ্ৰেপ্তাৰ কৰি নেপাল সীমান্ত পাৰ হৈছে অসম আৰক্ষীৰ দলে। আশা কৰা হৈছে আজি আৱেলি ভাগত পি.কে.দত্তসহ অসম আৰক্ষী দল গুৱাহাটীত উপস্থিত হ’ব।