Local, Vocal, Global

বিতৰ্কিত বিষয়া পি কে দত্তৰ সৈতে আমিনগাঁৱৰ দীপক বাবাৰ কি সম্পৰ্ক?

সমগ্ৰ ৰাজ্যতে চাঞ্চল্য সৃষ্টি কৰা SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাই প্ৰতিমুহূৰ্তত সলাইছে ৰূপ। আটক হৈছে এজনৰ পিছত আনজন লোক। ইয়াৰ মাজতে শনিবাৰে আৰক্ষীৰ তালাচী চলে আমিনগাঁৱৰ দীপক বাবাৰ সংকট মোচন সেৱাশ্ৰমত।

বিতৰ্কিত প্ৰাক্তন আৰক্ষী বিষয়া পি কে দত্তক বিচাৰি আমিনগাঁৱৰ সংকট মোচন সেৱাশ্ৰমত আৰক্ষীৰ অভিযান। আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তি কেলেংকাৰীৰ খলনায়ক আমিনগাঁৱত আত্মগোপণ কৰি থকাৰ সন্দেহ প্ৰকাশ কৰিছিল অসম আৰক্ষীয়ে। আমিনগাঁৱৰ সংকট মোচন আশ্ৰমত পি কে দত্তই বাহৰ পতাৰ সন্দেহত মাজনিশাও অভিযান চলায় আৰক্ষীয়ে।

কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ নেতৃত্বত যোৱা এটি বৃহৎ আৰক্ষীৰ দলে আশ্ৰম চৌহদত অভিযান চলায় এছ আই নিযুক্তি কেলেংকাৰীৰ অন্যতম হোতাগৰাকীক বিচাৰি। কিন্তু আৰক্ষীয়ে পি কে দত্তৰ কোনো সম্ভেদ লাভ নকৰিলে আশ্ৰমখনত।

আশ্ৰম পৰিচালক দীপক বাবাই পি কে দত্ত আশ্ৰম চৌহদত বিগত ৭ বছৰ ধৰি প্ৰৱেশ কৰা নাই বুলি স্পষ্ট কৰি দিয়ে সংবাদ মাধ্যমক। লগতে এছ আই নিযুক্তি কেলেংকাৰী দুৰ্ভাগ্যজনক আখ্যা দি বাবাগৰাকীয়ে কয় যে আৰক্ষীয়ে বিচাৰি থকা লোকক আশ্ৰমত আশ্ৰয় দিয়াৰ কোনো স্থান নাই বুলি স্পষ্ট কৰি দিয়ে। আনহাতে ঘটনাটো উচিত তদন্ত কৰি দোষীক শাস্তী প্ৰদানৰ আহ্বান জনায় দীপক বাবাই।