Local, Vocal, Global

ইতিহাস প্ৰসিদ্ধ ফুলগুৰি বিদ্ৰোহে অতিক্ৰম কৰিলে ১৫৯ বৰ্ষ

আজি ১৮ অক্টোৱৰ ।ইতিহাস প্ৰসিদ্ধ ফুলগুৰি বিদ্ৰোহে ১৫৯ বৰ্ষ অতিক্ৰম কৰিলে। এই বিদ্ৰোহক ‘ফুলগুৰি ধেৱা’ হিচাপে জনাজাত। তেজে ধোৱা কৃষক বিদ্ৰোহৰ অন্যতম স্থলী হৈছে ‘ফুলগুৰি ধেৱা’। ইতিহাসৰ পৰা হেৰাই যাব নোৱাৰা এটা দিন ১৮ অক্টোৱৰ । আজিৰ দিনটোতে বহুকেইজন নিৰীহ কৃষকৰ তেজেৰে ৰাঙলী হৈছিল নগাওঁ জিলাৰ ‘ফুলগুৰি ধেৱা’ । ব্ৰিটিছ চৰকাৰৰ অত্যাচাৰী শাষণৰ বিৰুদ্ধে প্ৰাণ আহুতি দিয়া ৫৪ জন শ্বহীদৰ কৰুণ কাহিনী।

ব্ৰিটিছ চৰকাৰে অস্বাভাবিক হাৰত খাজনা বৃদ্ধি আৰু অত্যাচাৰী শাষণৰ বিৰুদ্ধে অসমৰ আন আন ঠাইৰ দৰে নগাওঁ জিলাৰ ফুলগুৰিৰ বিদ্ৰোহৰ ঘোষণা কৰিছিল। কিন্তু ব্ৰিটিছ চৰকাৰে গুৰুত্ব নিদি প্ৰতিবাদী ৰাইজক দমনৰ অৰ্থে ১৭ চেপ্তম্বৰ আৰু ৯ অক্টোৱৰত আন্দোলনকাৰী জনতাৰ ওপৰত নিৰ্যাতন চলাই। কিন্তু ৰাইজসকল ভীতিগ্ৰস্ত নহৈ পুনৰ প্ৰতিবাদত নামি পৰিছিল ১৮ অক্টোৱৰত।

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত সংঘটিত হোৱা ‘ফুলগুৰি ধেৱা’ ই প্ৰথম কৃষক বিদ্ৰোহ বুলি অভিহিত কৰিব পাৰি।