Local, Vocal, Global

ফটোৰ ভাষাৰে কথা কোৱা মানুহজন আৰু নাই

ফটো সাংবাদিক হৰিবিনোদ বার্মা আৰু আমাৰ মাজত নাই। ৭০-৮০ দশকৰ ডিব্ৰুগড়ৰ চুটি-চাপৰ, ডিঙিত এটা কেমেৰা লৈ ফুৰা ষ্টাইলিছ ব্যক্তিজনক ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে চিনি পাইছিল ‘ডব্লিউ দা’ বুলি। ডিব্ৰুগড়স্থিত নিজ বাসগৃহত মঙলবাৰে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। সংবাদ জগতৰ লগতে ‘বৃষ্টি’, ‘আজলী নবৌ’, ‘ৰতনলাল’ আদি বহু জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। তেওঁ আছিল ফটোগ্ৰাফীত ডিপ্লোমা লাভ কৰা নর্থ-ইষ্টৰ প্ৰথমগৰাকী ব্যক্তি।