Pathetic incident in Guwahati :১৩ বছৰীয়া কিশোৰীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ চাৰি যুৱকৰ
নিউজ ডেস্ক,৪জানুৱাৰী : পুনৰ গুৱাহাটী মহানগৰীত জঘন্য ঘটনা।১৩ বছৰীয়া কিশোৰীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰে চাৰি যুৱকে।জালুকবাৰী আৰক্ষী চকীত এজাহাৰ কিশোৰীগৰাকীৰ পৰিয়ালৰ। নৱবৰ্ষৰ পহিলা দিনটোতে সংঘটিত হয় এই জঘন্য ঘটনা।
পৰিয়ালৰ অভিযোগ অনুসৰি, জালুকবাৰীৰ অঞ্চলৰ সুন্দৰবড়িৰ চাৰি যুৱকৰ দলে অপহৰণ কৰি ১৩ বছৰীয়া কিশোৰী গৰাকীক OYO হোটেলত লৈ যায় আৰু দলবদ্ধ ধৰ্ষণ কৰে কিশোৰীগৰাকীক। পৰৱৰ্তী সময়ত কিশোৰীগৰাকীক ঘৰৰ ওচৰত পেলায় থৈ যোৱাৰ অভিযোগ পৰিয়ালৰ(Pathetic incident in Guwahati)।
ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে জালুকবাৰী আৰক্ষীক অৱগত কৰে। জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুজনকৈ কিশোৰক আটক কৰে। আৰু বাকী দুজন এতিয়াও পলাতক অৱস্থাত আছে।
পৰিয়ালৰ এজাহাৰ মৰ্মে জালুকবাৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। ০৩/২৪ নম্বৰৰ এক গোচৰ ৰুজু কৰি পকছ’ আইনৰ অধীনত দুই কিশোৰক জালুকবাৰী আৰক্ষীয়ে আদালতত হাজিৰ কৰায়।