Local, Vocal, Global

পাটাছাৰকুছিত কালদিয়া নৈৰ মথাউৰি নিৰ্মাণক লৈ উত্তেজনা

57

নিজৰ গাঁঠিৰ ধন ভাঙি মথাউৰি নিৰ্মাণত ব্যস্ত গাঁওবাসী ৷ চৰকাৰৰ কাণসাৰ নথকাক লৈ ক্ষোভিত ৰাইজ ৷ চৰকাৰ তথা প্ৰশাসনলৈ বাট নাচাই  ভৰ বাৰিষা প্ৰচণ্ড বৰষুণক নেওচি নৈৰ গৰাখহনীয়া ৰোধৰ বাবে  ওলাল এটা অঞ্চলৰ ৰাইজ। এই ঘটনা বজালীৰ পাটাছাৰকুছিৰ। প্ৰতি বাৰিষাত কালদিয়া নৈৰ গৰা খহনীয়াই জ্বলাকলা  খুৱাই আহিছে বজালীৰ ৰাইজক। বাৰিষা আহিলেই নৈ খনক লৈ শংকিত হৈ পৰে নৈপৰীয়া ৰাইজ। পাটাছাৰকুছিৰ সৰিহ চাকলাত থকা মথাউৰিৰ ভয়ানক অৱস্থাৰ বাবে শংকিত হৈ পৰিছে ৰাইজ। ফেনেফোটোকাৰে বাঢ়ি অহা নৈৰ বাঢ়নী পানীয়ে তীব্র গঢ়া খহনীয়াৰ সৃষ্টি কৰিছে। বছৰ বছৰ ধৰি মেৰামতি নকৰা মথাউৰি নিৰ্মাণৰ বাবে ৰাইজে চৰকাৰক বাৰে বাৰে অনুৰোধ জনাই আহিছে যদিও কাণসাৰ নাই চৰকাৰৰ। সেয়ে গাঠিৰ ধন ভাঙি শ্ৰমদান কৰিছে ৰাইজে। বাৰিষা নৈৰ মথাউৰি নিৰ্মাণৰ বাবে প্ৰচণ্ড বৰষুণক নেওচি সকলোৱে একগোট হৈছে।