Local, Vocal, Global

ONGC Drivers in Nazira Goes on Indefinite Strike: নাজিৰাত অ’ এন জি চিৰ গাড়ী চালকৰ অনিৰ্দিষ্টকাললৈ কৰ্ম বিৰতি

গেলেকী,৫ডিচেম্বৰ : নাজিৰাত অ’ এন জি চিৰ গাড়ী চালকৰ অনিৰ্দিষ্ট কাললৈ কৰ্ম বিৰতি।চালকসকলক পুনৰ সংস্থাপনৰ দাবীত কৰ্মবিৰতি চালকৰ তিনিটাকৈ সংগঠনৰ

বছৰ বছৰ ধৰি থলুৱা চালক সকলে অ’,এন,জি,চি অসম সম্পদৰ অধীনস্থ ঠিকাভিত্তিত লঘু বাহন আদি চলাই অতি নিষ্ঠা সহকাৰে কৰ্তব্য পালন কৰি আহিছে। কিন্তু শেহতীয়াকৈ অ’ এন জি চি অসম সম্পদৰ একাংশ বিষয়াৰ থলুৱা বিৰোধী নীতিৰ বাবেই ঠিকাদাৰী প্ৰতিষ্ঠান সমূহে এই চালক সকলক চাটাই কৰি ভাতে মৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে ।

দীৰ্ঘদিন ধৰি এই চালক সকলক পুনৰ কৰ্মস্থানত মকৰলৰ দাবী জনাই আহিছে যদিও নিগম কৰ্তৃপক্ষ আৰু ঠিকাদাৰী প্ৰতিষ্ঠান সমূহে কোনো গুৰুত্ব আৰোপ কৰা নাই । ৪ ডিচেম্বৰত শিৱসাগৰ জিলা শ্ৰম আয়ুক্ত , নিগমৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে মটৰ শ্ৰমিক সন্থা ( অ’ এন জি চি ) , মটৰ শ্ৰমিক ৱ’কাৰ্চ ইউনিয়ণ,আৰু চালক সকলৰ মাজত অনুষ্ঠিত হোৱা আলোচনাত সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো সহাৰি নজনালে(ONGC Drivers in Nazira Goes on Indefinite Strike)।

যাৰ বাবে আজি পুৱা ৫ বজাৰ পৰা অ’ এন জি চি অসম সম্পদৰ অধীনস্থ ঠিকাদাৰী চালক সকলৰ তিনিওটা সংগঠনে সমূহীয়াভাৱে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰিবলৈ বাধ্য হোৱা বুলি শ্ৰমিক – চালকসকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Sensational incident:পুখুৰীত পৰি কৰুণ মৃত্যু এজন যুৱকৰ