Local, Vocal, Global

এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী চামগুৰিৰ সাংবাদিক

নিউজ ডেস্ক , ২৩ এপ্ৰিল :- এক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী সাংবাদিক ততাতীয়াকৈ আই চি ইউত ভৰ্তি। নগাঁৱৰ পুৰণিগুদামৰ কাষৰিগাঁৱত নিশা সংঘটিত হয় ভয়ংকৰ পথ দূৰ্ঘটনাত , দূৰ্ঘটনাত গুৰুতৰভাৱে আহত সাংবাদিক।

দূৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চামগুৰিৰ সাংবাদিক গৰাকীৰ নাম দীপাংকৰ ভৰদ্বাজ। সংকটজনক অৱস্থাত সাংবাদিকগৰাকীক নিশা চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় ।

সাংবাদিক গৰাকীৰ ঘৰ নগাঁৱৰ পুৰণিগুদামৰ বৰাচুকত ।

নিশা এখন স্কুটিৰে পুৰণিগুদামৰ বৰাচুকস্থিত বাসগৃহৰ পৰা কাষৰিগাঁৱলৈ গৈ থকা অৱস্থাত গুৰুতৰ ভাৱে আআঘাতপ্ৰাপ্ত হয় দীপাংকৰ ভৰদ্বাজ।

জানিব পৰা মতে,
চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থা PRL কোম্পানীৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই সংঘটিত হবলৈ পালে এই দুৰ্ঘটনাটো । চাৰিলেনযুক্ত পথত সাংকেতিক চিন্হ বিহীনভাৱে ৰাজপথত পেলাই থোৱা মাটিৰ দ’মত খুন্দিয়াৰ ফলত সংঘটিত হয় এই দূৰ্ঘটনাটো।