Local, Vocal, Global

অলিম্পিকৰ যোগ্যতা নিৰ্ণয়ৰ অপেক্ষাত আছে “ধিং এক্সপ্ৰেছ” হিমা দাস

৩ জুলাইৰ পৰা ৮ আগষ্টলৈ টকিঅ’ত অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক । ক’ভিডৰ বাবে এবছৰ পিছুৱাই দিয়া বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া সমাৰোহ  অলিম্পিক গেমছ আৰু ৩৭ দিন পিছত জাপানৰ ৰাজধানী চহৰ টকিঅ’ত আৰম্ভ হ’ব ।

এতিয়াও অলিম্পিকৰ যোগ্যতা নিৰ্ণয়ৰ অপেক্ষাত আছে “ধিং এক্সপ্ৰেছ” হিমা দাস । হিমা দাসৰ সম্মূখত টকিঅ’ অলিম্পিকত যোগ্যতা অৰ্জনৰ বাবে অন্তিমটো সুযোগ আহিছে ।

পঞ্জাৱৰ পাটিয়ালাত ২৪-২৮ জুনত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাজ্যিক এথলেটিকছত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিব পাৰিলেই টকিঅ’ অলিম্পিকৰ বাবেহিমা দাসৰ মহিলাৰ ব্যক্তিগত ২০০ মিটাৰ ৰীলৰ দৌৰত ২২:০৮ ছেকেণ্ড আৰু মহিলাৰ ৪×১০০ মিটাৰ ৰীলৰ দৌৰত শ্ৰেষ্ঠ টাইমিং ৪৪:৪৫ ছেকেণ্ড হ’ব লাগিব। হিমা দাস কোৱালিফাই হ’ব ।