Local, Vocal, Global

 নাৰ্চিং পাঠ্যক্ৰমত মহিলা শিক্ষাৰ্থীৰ নামভৰ্তিৰ ক্ষেত্ৰত পঞ্চম স্থান অসম

উচ্চ শিক্ষা ২০১৯-২০ ৰ সৰ্বভাৰতীয় জৰীপ অনুসৰি, দিল্লী, হিমাচল প্ৰদেশ, পুডুচেৰী আৰু ছিকিমত নাৰ্চিং পাঠ্যক্ৰমত নামভৰ্তি কৰা মহিলা ছাত্ৰীৰ হাৰ প্ৰায় ১০০ শতাংশ। ইয়াৰ লগে লগে ৯৭.৪ শতাংশৰে অসমেও পঞ্চম স্থানত উপনীত হ’বলৈ সক্ষম হৈছে।

আনহাতে তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ নাৰ্চিং পাঠ্যক্রমৰ ছাত্ৰীৰ হাৰ ক্ৰমান্বয়ে ৯৫ শতাংশ আৰু ৯৪.১ শতাংশ। ইপিনে দেশৰ নাৰ্চিং পাঠ্যক্ৰমত মুঠ নামভৰ্তি কৰা শিক্ষাৰ্থীৰ সংখ্যা হৈছে ৩.০৭ লাখ। ইয়াৰ ভিতৰত প্ৰায় ৮৫.৪ শতাংশ মহিলা শিক্ষাৰ্থী আৰু ১৪.৬ শতাংশ পুৰুষ শিক্ষাৰ্থী।

নাৰ্চিং পাঠ্যক্রমৰ বাবে ভাৰতত নামভৰ্তি কৰা শীর্ষ ৫ ৰাজ্য কৰ্ণাটক, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ আৰু পশ্চিম বংগৰ মুঠ শিক্ষাৰ্থীৰ হাৰ ৬০.৫ শতাংশ।