Local, Vocal, Global

পথাৰৰ মাজত পূজা-অৰ্চনা দিলে দুই মন্ত্ৰীক। ক’ত আৰু কিয় দিলে পূজা ?

নুমলীগড়ত পথাৰৰ মাজত পূজা অৰ্চনা দিলে দুই মন্ত্ৰীক। কিন্তু কিয় আৰু কাক  দিলে পূজা -অৰ্চনা ?

নুমলীগড়ত মৰঙী বাগান পথাৰত এইবাৰ পূজা দিলে অসম চৰকাৰৰ দুই মন্ত্ৰীক। দীৰ্ঘদিনে সমগ্ৰ মৰঙী বাগান পথাৰত জাক-জাক বন্যহস্তীয়ে খেতিপথাৰ গচকি তহিলং কৰি আহিছে। দিনে-নিশাই ঘৰ-দুৱাৰ ভাঙি বন্যহস্তীয়ে চলাই আহিছে উপদ্ৰৱ। বিনিদ্ৰাই ৰজনী কটাইছে নুমলীগড়ৰ মৰঙী বাগানৰ ৰাইজে। দুৰ্ভগীয় ৰাইজে বহুবাৰ বন বিভাগৰ ওচৰত আবেদন-নিবেদন কৰি আহিছে যদিও আজি পৰ্যন্ত লাভ কৰা নাই সুফল। অৱশেষত উপায়বিহীন ৰাইজে শৰণাপন্ন হয় নেদেখাজনৰ ওচৰত। ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্ল বৈদ্য আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ ফটোত চাকি জ্বলাই ধূপ-ধূনা,পূজা-অৰ্চনা দি সুমটি বিচাৰি সেৱা আগবঢ়াই। কৃষক সকলৰ অনুৰোধ এবাৰ যেন ঘূৰি চকু মেলি চায় এই সকল কৃষকৰ ফালে।