Local, Vocal, Global

নুমলীগড়ত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস 

62

বন্যহস্তীৰ জাকে ভাঙি লণ্ড-ভণ্ড কৰিলে বিদ্যালয়ৰ ৰান্ধনীশাল

নুমলীগড়ত বন্যহস্তীৰ উপদ্ৰৱ এতিয়া দৈনন্দিন কাৰ্যকলাপলৈ ৰূপান্তৰিত হৈছে। মঙলবাৰে নিশা বন্যহস্তীৰ এটা জাকে বুঢ়াগোহাঁই খাট জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ ৰান্ধনীশাল ভাঙি তহিলং কৰে। নিশা অহা বৃহৎ হাতীৰ জাকটো ভাগ-ভাগ হৈ বুঢ়াগোহাঁই খাটৰ বিভিন্ন স্থানত সন্ত্ৰাস চলাই। হাতীৰ জাকটোৱে তহিলং কৰে খেতিপথাৰ।

add3

বন্যহস্তীৰ সন্ত্ৰাসৰ ফলত উজাগৰী নিশা পাৰ কৰিব লগা হৈছে স্থানীয়লোকে। পোৰাবাংলাস্থিত বকিয়াল খণ্ড বন কাৰ্যালয় আছে যদিও বন বিষয়াক ফোন কৰিলে বিভিন্ন কাৰণ দেখুৱাই বিষয়টোৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। উপায়ন্তৰ হৈ স্থানীয় ৰাইজে বন বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ।