Local, Vocal, Global

নুমলীগড়ত কৰ’নাৰ ভয়াৱহ গণসংক্ৰমন, একেখন গাঁওতে একেদিনাই আক্ৰান্ত ২৭ গৰাকী

নুমলীগড়ত কৰ’না ভাইৰাচৰ ভয়াৱহ গণসংক্ৰমন।

একেখন গাঁওতে একেদিনাই এগৰাকী স্বাস্থ্যকৰ্মীসহ আক্ৰান্ত ২৭ গৰাকী ।

আতংকময় পৰিৱেশ ।

ৰাজ্যত এতিয়া ব্যাপক হাৰত বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। সমান্তৰালভাৱে নুমলীগড়তো ব্যাপক হাৰে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। নুমলীগড় কাষৰীয়া মুৰফুলনীৰ লেতেকুবস্তী অঞ্চলত কৰ’নাৰ গণসংক্ৰমনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নিৰ্মল উপাধ্যায় নামৰ এজন যুৱক প্ৰথমে আক্ৰান্ত হৈছিল ক’ভিড-১৯ত । তাৰ পিছতে যুৱকজনৰ সংস্পৰ্শলৈ অহা গাঁওখনৰ প্ৰায় ৫৮ গৰাকী ব্যক্তিৰ SWAB পৰীক্ষা কৰাত এগৰাকী স্বাস্থ্যকৰ্মীসহ ২৭ গৰাকীৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ৰ অৱস্থিতি। বৰ্তমানেও গাঁওখনত আক্ৰান্ত হোৱা লোকসকলৰ সংস্পৰ্শলৈ অহা প্ৰায় শতাধিক লোকক বৰ্তমান পৰ্যন্ত কৰা নাই পৰীক্ষা। ফলত এতিয়া এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে গাঁওখনৰ লগতে ওচৰ চুবুৰীয়া অঞ্চলসমূহত। ইফালে বৰ্তমানেও গাঁওখনত উপস্থিত হোৱা নাই কোনো উচ্চপ্ৰদস্থ প্ৰশাসনৰ লোক।