Local, Vocal, Global

হাতী-মানুহৰ সংঘাতৰ মাজতেই অইল ইণ্ডিয়াই চলালে নুমলীগড়ৰ হস্তী দণ্ডীত খনন

ঐতিহাসিক নুমলীগড়ত অইল ইণ্ডিয়াই বুলডেজাৰ চলোৱা কাৰ্যত জাঙুৰ খাই উঠিছে AASU, AATSA, AJYCP কে ধৰি স্থানীয় দল-সংগঠন৷ কছাৰী ৰজাৰ স্বাক্ষৰ বহন কৰা নুমলী কুঁৱৰী গড়টো দ্বিখণ্ডিত কৰি অইল ইণ্ডিয়াই বঢ়াইছে পাইপ লাইন৷ অভিযোগ উঠিছে পুৰাতত্ব বিভাগৰ মানচিত্ৰৰ পৰা ঐতিহাসিক নুমলীগড় নিঃচিহ্ন কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অইল ইণ্ডিয়া কর্তৃপক্ষ৷ উল্লেখ্য যে গড়টো যি স্থানত অইল ইণ্ডিয়াই পাইপ লাইন বঢ়োৱাৰ নামত খনন চলাইছে সেই স্থানতেই আছিল এটা হস্তী দণ্ডী ৷ যাৰ বাবে এতিয়া হাতীৰ অহা-যোৱা কৰাত নামি আহিছে বিপদ৷ হস্তী-মানুহৰ সংঘাতে বিয়াপক ৰূপ লোৱাৰ সময়তে অইল ইণ্ডিয়াৰ এনে কার্যই পুনৰ হস্তী-মানুহৰ সংঘাত বৃদ্ধি কৰাৰ আশংকা ঘনীভূত হৈছে৷ এতিয়া প্ৰশ্ন হয় অইল ইণ্ডিয়াই কাৰ অনুমতি সাপেক্ষে খান্দি নিঃশেষ কৰিছে বুৰঞ্জী প্ৰসিদ্ধ নুমলী কুঁৱৰী গড়টো৷