পুৰুষ আৰু মহিলাই উলংগ হৈ ৰাজপথত চাইকেল চলাইছে কেৱল মাস্ক পৰিধান কৰি
পুৰুষ আৰু মহিলাই উলংগ হৈ ৰাজপথত চাইকেল চলাইছে কেৱল মাস্ক পৰিধান কৰি । শৰীৰত নাই কোনো পোছাক,কেৱল মুখত আছে মাস্ক! চাইকেল আৰোহী সকলক প্ৰয়োজন হোৱা নাই চাৰ্ট, পেণ্ট অথবা স্কাৰ্ট।আনকি অন্তৰ্বাসো পৰিধান কৰা নাই দলটোৱে। কিন্তু ক’ৰণাৰ ভয়াবহতাৰ বাবে নগ্ন হলেও মুখত আছে মাস্ক। এই ঘটনা মেক্সিকোৰ । বাৰ্ষিক ফিলি নেকেড বাইক ৰাইডে জনাইছে, আগষ্টৰ ২৮ তাৰিখে অনুষ্ঠিত হ’ব এই চাইকেল ৰাইড। ইয়াত কেৱল প্ৰয়োজন হব মাস্ক’ৰ । মহামাৰী কোৰোণা ভাইৰাছৰ বাবে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। কোৰোণা ভেকচিনেশ্যন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত কিছু পৰিমাণে হ’লেও প্ৰতিদিনে সংক্ৰমণৰ সংখ্যা হ্ৰাস পাইছে। চাইকেল ৰাইড আয়োজকে কোৱা মতে, কোৰোণা পৰিস্থিতিৰ বাবেই চাইকেল ৰাইডত মাস্ক পৰিধান কৰাটো আৱশ্যক। চাইকেল ৰাইডিঙত যিসকলে অংশগ্ৰহণ কৰিব, সেইসকল এক নিৰ্দিষ্ট ঠাইত গোট খাব লাগিব। আৰু সেই ঠাইতে সকলোৱে খুলি পেলাব লাগিব পৰিধান কৰা কাপোৰ। প্ৰায় ১ হাজাৰ জন লোক গোট খাব এই চাইকেল ৰাইডত। আনকি নগ্ন হৈয়ে চাইকেল ৰাইডিঙ কৰিব লাগিব সকলোৱে।শৰীৰৰ গুৰুত্ব, আৰোহীৰ নিৰাপত্তা প্ৰদানৰ দাবীত আয়োজন কৰা হয় চাইকেল ৰাইডৰ। প্ৰায় ১৬ কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰে চাইকেল আৰোহীসকলে।