Local, Vocal, Global

 ডিমাপুৰত ৪ কোটি টকাসহ এন এছ চি এন আই এমৰ শীৰ্ষ নেতাৰ পত্নীক গ্ৰেপ্তাৰ

নগা  বিদ্ৰোহী  সংগঠন  এন  এছ  চি  এন  মুইভা  গোটৰ  এগৰাকী  শীৰ্ষনেতাৰ  পত্নীয়ে  সোমবাৰে  এটা  বেংকৰ  নগদ  ৪ কোটি টকা  উলিয়াই  নিয়াৰ  তথ্য  লাভ  কৰাৰ  পিচত  আছাম  ৰাইফলছ  আৰু  নগা  আৰক্ষীয়ে  যৌথ  অভিযান  চলাই  গ্ৰেপ্তাৰ  কৰিছে। মাই  নিউজ  এনইৰ  প্ৰতিবেদকৰ  হাতত  পৰা  তথ্য  অনুসৰি  যোৱা  শনিবাৰে এন এছ  চি এন  আই এমৰ  মুৰব্বী থুইংগালেং  মুইভাৰ   আত্মীয়  তথা  বিদ্ৰোহী  সংগঠনটোৰ  ট্ৰেজাৰী  কৰ্ণেল  ৰেয়িলুংগ  নাছাৰাংবিৰ  পত্নীক  তেওঁৰ  ডিমাপুৰৰ  এটা  বেংক  একাউণ্ট  পৰা  নগদ ৪ কোটি টকা উলিয়াই  নিয়াত সহায় কৰাৰ তথ্য লাভ কৰে ।

আজি   আছাম ৰাইফলছ -নগা আৰক্ষীয়ে  অতি গোপনে  শীৰ্ষ  বিদ্ৰোহী  নেতাজনৰ  বাসগৃহত  অভিযান  চলাই  তেওঁৰ  পত্নীক  গ্ৰেপ্তাৰ কৰে ।  আৰক্ষীয়ে  কৰ্ণেল  ৰেয়িলুংগ  ঘৰৰ  পৰা  নগদ ১ কোটি ৫৯ লাখ টকা, ২ কিলোগ্ৰামৰ  আৰ  ডি এক্স   আৰু  বৃহৎ  সংখ্যক  মাৰণাস্ত্ৰ  উদ্ধাৰ কৰিছে ।  নেতাজনৰ  পত্নীক  গ্ৰেপ্তাৰ  কৰাৰ  পিছত  এই  সমগ্ৰ  ঘটনাৰ  তদন্ত  বাবে  ৰাষ্ট্ৰীয়  তদন্তকাৰী  সংস্থা  নিয়াক   দায়িত্ব অৰ্পণ  কৰে । নিয়াই  ইতিমধ্যে  প্ৰাথমিক  তদন্তত   চলাই  ৰেয়িলুংগ  নাছাৰাংবিয়ে  মণিপুৰত  প্ৰায় ৮০০ একৰৰ  বিশাল  ভূমি অধিগ্ৰহণ  কৰা  তথ্য  লাভ  কৰাৰ  লগতে  সংগঠনটোৰ  বাবে  সংগ্ৰহ  কৰা  কোটি কোটি  থকাৰ  তথ্য  লাভ  কৰিছে ।

উল্লেখযোগ্য যে ৰেয়িলুংগ  নাছাৰাংবিৰ  হৈছে  এন এছ চি এন আই এমৰ  মুৰব্বী  আত্মীয় । ইফালে  যোৱা  শনিবাৰে  অৰুণাচল প্ৰদেশৰ  লংডিঙত  আছাম  ৰাইফলছৰ  সামৰিক  অভিযানত  ছয়জনকৈ  শীৰ্ষ  কেডাৰ  নিহতৰ  হোৱাৰ  পিছত  ডিমাপুৰ  এনেদৰে  এগৰাকী  শীৰ্ষনেতাৰ  পত্নীক  ৪ কোটি  টকাৰ  সৈতে  গ্ৰেপ্তাৰ  কৰা  ঘটনাই   চাঞ্চল্য  প্ৰকাশ  কৰিছে ।