Local, Vocal, Global

অবৈধ ড্ৰাগছ্ প্ৰচলনৰ বিৰুদ্ধে নগাঁৱত আছুৰ মানৱ শৃংখল

অবৈধ ড্ৰাগছ্ প্ৰচলনৰ বিৰুদ্ধে নগাঁৱত আছুৰ মানৱ শৃংখল। ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত নগাঁৱত তীৰ, ড্ৰাগছৰ ঘাটি চলাৰ অভিযোগ। নগাঁও চহৰৰ এগৰাকী পোন্ধৰ বছৰীয়া ছাত্ৰীৰ ড্ৰাগছ সেৱনৰ ফলত বুধবাৰে নিশা মৃত্যু ঘটাৰ পিছত ড্ৰাগছৰ প্ৰচলন বন্ধৰ দাবীত সৰৱ হৈ পৰিছে আছু । সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে অবৈধ ড্ৰাগছৰ প্ৰচলনৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ সদস্য সকলে মানৱ শৃংখল কাৰ্যসুচী ৰূপায়ণ কৰে । নগাঁৱত ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত অবৈধ তীৰ, ড্ৰাগছৰ ঘাটি গঢ়ি উঠাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নগাওঁ জিলা ছাত্ৰ সন্থাই ।