ৰাজ ভৱনত অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ নীতিশ কুমাৰৰ
নিউজ ডেস্ক, ১০ আগষ্ট : জনতা দল (Janata Dal , United))ৰ নেতা নীতিশ কুমাৰে ( Nitish Kumar) বুধবাৰে ৰাজ ভৱনত অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
ইয়াৰ পূৰ্বে, মঙলবাৰে তেওঁ মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি পদত্যাগ পত্ৰ ৰাজ্যৰ ৰাজ্যপাল ফাগু চৌহানক ( Phagu Chauhan) হস্তান্তৰ কৰে আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (NDA) সৈতে মিত্ৰতা ভংগ কৰে।
পৰৱৰ্তীসময়ত তেওঁ ৰাষ্ট্ৰীয় জনতা দল (RJD) সৈতে পুনৰ হাত মিলাইছিল।
RJDৰ নেতা তেজস্বী যাদৱেও নীতিশ কুমাৰৰ সৈতে উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে।