নীতা আম্বানি হ’ব অধ্যাপক । কিন্তু কোনখন বিশ্ববিদ্যালয়ৰ?

ৰিলায়েন্সৰ মুৰব্বী মুকেশ আম্বানিৰ পত্নী নীতা আম্বানিক অতিথি অধ্যাপক হিচাপে পাঠদানৰ প্ৰস্তাৱ আগবঢ়াইছে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে।যোৱা ১২ মাৰ্চত নীতা আম্বানিক এক পত্ৰ প্ৰেৰণ কৰিছিল বিশ্ববিদ্যালয় খনৰ সমাজ বিজ্ঞান বিভাগে।কিন্তু বাণিজ্যত স্নাতক ডিগ্ৰী লাভ কৰা নীতা আম্বানিক কি অৰ্হতাৰ ভিত্তিত অতিথি অধ্যাপক হিচাপে নিৰ্বাচিত কৰিছে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে? তাকলৈ সৃষ্টি হৈছে তুমুল বিতৰ্কৰ।সামাজিক মাধ্যমত এতিয়া ইয়াক লৈ চলিছে সৰৱ চৰ্চা।