Local, Vocal, Global

NIRFৰ তালিকাত উজলিল  অসমৰ ১১ শৈক্ষিক প্ৰতিষ্ঠান

  • কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিলে দেশৰ শৈক্ষিক প্ৰতিষ্ঠানৰ ৰেংকিং।
  • NIRFৰ তালিকাত দেশৰ ১০০ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ মাজত উজলিল অসমৰ ১১ শৈক্ষিক প্ৰতিষ্ঠান।
  • শীৰ্ষ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ শীৰ্ষ এশৰ তালিকাত IIT গুৱাহাটী,তেজপুৰ বিশ্ববিদ্যালয়,গুৱাহাটী বিশ্ববিদ্যালয় আৰু NIT শিলচৰে স্থান লাভ ।
  • দেশৰ প্ৰথম ১০০ শ্ৰেষ্ঠ শিক্ষানুষ্ঠান আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান দুয়োটা শাখাত শীৰ্ষ স্থান লাভ কৰিছে IIT মাদ্ৰাজে।
  • শ্ৰেষ্ঠ ১০০ বিশ্ববিদ্যালয়ৰ তালিকাত বেংগালুৰুৰ IIS প্ৰথম স্থানত থকাৰ বিপৰীতে দিল্লীৰ JNU আছে দ্বিতীয় স্থানত।
  • তালিকাত একাদশ স্থান পাইছে দিল্লী বিশ্ববিদ্যালয়ে ।
  • দেশৰ ৩,৮০০ খন উচ্চ শিক্ষা প্ৰতিষ্ঠানে অংশ লৈছিল এই ৰেংকিং প্ৰতিযোগীতাত  ।
  • IIT গুৱাহাটীয়ে সপ্তম স্থান আৰু তেজপুৰ বিশ্ববিদ্যালয়ে ৬৫ নং স্থান লাভ কৰিছে।
  • তালিকাত ৭২ নং স্থানত গুৱাহাটী বিশ্ববিদ্যালয় আৰু ৯৪ নং স্থানত আছে NIT শিলচৰ।
  • কটন আৰু ডনবস্ক’ বিশ্ববিদ্যালয় তালিকাৰ প্ৰথম ২০০ স্থানৰ ভিতৰত অন্তৰ্ভূক্ত হৈছে।
  • আইন শিতানত দেশৰ ২০ শীৰ্ষ প্ৰতিষ্ঠানৰ তালিকাত অসমৰ নেচনেল ল ইউনিভাৰ্ছিটি এণ্ড জুডিচিয়েল একাডেমীয়ে ১৬ নং স্থান লাভ কৰিছে।।
  • দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে দিল্লী বিশ্ববিদ্যালয়ৰে অধীনস্থ শ্ৰীৰাম কলেজ আৰু হিন্দু কলেজ