নিমাতী ঘাট ঘটনাৰ বৰ্ণনা চমুকৈ
ব্ৰহ্মপুত্ৰৰ নিমাতী ঘাটত বিপৰীতমুখী দুখন নাৱৰ ভয়ংকৰ দুৰ্ঘটনা । ব্ৰহ্মপুত্ৰৰ নিমাতী ঘাটৰ বুকুত বিয়লি দুখন বিপৰীতমুখী ফেৰীৰ মাজত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা । অৰ্ধশতাধিক যাত্ৰী সন্ধানহীন হোৱাৰ সন্দেহ ।
বৰ্তমান লৈ জীৱন্তে উদ্ধাৰ কৰে ২৮ জনকৈ নাও যাত্ৰীক । ভৰা লুইতৰ অকল্পনীয় ঘটনাই সমগ্ৰ অসম কঁপাই তুলাৰ লগতে বহু পৰিয়াললৈ অমানিশা নমাই আনিলে। অভ্যন্তৰীণ জল পৰিবহণ বিভাগে জনোৱা অনুসৰি বিয়লি প্ৰায় ৪ মান বজাত মা-কমলা নামৰ ফেৰী খন মাজুলী লৈ বুলি যাত্ৰা কৰিছিল ।
কিন্তু সেই সময়তে টিপকাই নামৰ ফেৰী খন মাজুলীৰ পৰা নিমাতী লৈ আহি থকা সময়তে মা-কমলা নামৰ ফেৰী খনৰ লগত মুখামুখি ৰ সংঘৰ্ষ হয় ।
সংঘৰ্ষৰ প্ৰায় এক-দুই মিনিটৰ ভিতৰতে মা-কমলা নামৰ ব্যক্তিগত মালিকানাধীন ফেৰী খন ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় । পানীত সম্পূৰ্ণভাৱে ডুব যোৱাৰ নাও খনত কিমান যাত্ৰী আছিল বৰ্তমান লৈ সঠিক তথ্য পোৱা নাই। বৰ্তমান লৈ সাতজন ব্যক্তি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ।
তাৰে এগৰাকী মহিলাক মৃত বুলি ঘোষণা কৰে চিকিৎসালয়ৰ অধীক্ষক ডা: পূৰ্ণিমা বৰুৱাই । বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান ।