Local, Vocal, Global

নিমাতী ঘাটৰ দূৰ্ঘটনাত নিখোজ হৈ থকা ইন্দ্ৰজিৎ বৰা মৃতদেহ উদ্ধাৰ

0 9

বিশ্বনাথৰ ভাচেটাপু অঞ্চলৰ নদী চাপৰিত উদ্ধাৰ মাজুলী ফেৰী দুৰ্ঘটনাত নিখোজ ইন্দ্ৰেশ্বৰ বৰাৰ উৱলি যোৱামৃতদেহ

আজি পুৱা বিশ্বনাথৰ ভাচেটাপু অঞ্চলত উদ্ধাৰ মাজুলী ফেৰী দুৰ্ঘটনাত নিহত ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ ৷ বন বিভাগৰ তহলদাৰী দলে পুৱাৰ ভাগত প্ৰতক্ষ্য কৰে ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা মৃতদেহটো ৷ প্ৰথমে মৃতদেহটো মাজুলীৰ ফেৰী কাণ্ডত নিখোজ চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছিল যদিও পৰবৰ্তী সময়ত পৰিয়ালৰ লোকে বন বিভাগক অৱগত কৰালৈ লক্ষ্য কৰি এয়া ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ বুলি চিনাক্ত কৰা হৈছে ৷

যোৱাকালি বিশ্বনাথৰ চোৱাগুৰিত উদ্ধাৰ হৈছিল ইন্দ্ৰেশ্বৰ বৰাৰ বেগ তাৰ পিছতে সস্ত্ৰম হৈ পৰিচিল বন বিভাগ আৰু নদী আৰক্ষীৰ উদ্ধাৰকাৰী দল যাৰ পৰিনতিতে আজি পুৱাৰ ভাগত প্ৰায় উৱলি যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো ৷ পিন্ধি থকা কাপোৰৰ জৰিয়তে পৰিয়ালৰ লোকে চিনাক্ত কৰিছে মৃতদেহটো ৷

আনহাতে মৃতদেহটোৰ আঙুলিত J লিখা এটি আঙুঠি আছে ৷ ইন্দ্ৰেশ্বৰ বৰাৰ অন্য এক নাম আছিল জান আৰু সেইবাবেই ইন্দ্ৰেশ্বৰ বৰাই J লিখা আঙুঠি পৰিধান কৰিছিল বুলিও জানিব পৰা গৈছে ৷ মৃতদেহটোৰ পিন্ধনত বগা টি চাৰ্টৰ লগতে জিন্স পেন্ট আছে ৷ জিলা প্ৰসাশনে সমগ্ৰ বিষয়ত তদন্ত আব্যাহত ৰাখিছে ৷

Leave A Reply

Your email address will not be published.